নিমিষতে শেষ প্ৰাণোচ্ছল দুটা জীৱন

এতিয়া মৰাণত অমানিশা যেন মনৰ এন্ধাৰ। ফুৰিবলৈ বুলি ওলাই গৈছিল মৰাণৰ টেঙা দলঙৰ নিবাসী নিলোৎপল দুৱৰী। লগত মৰাণহাটৰ জ্যোতিপুৰৰ গাৰ্গী চুতীয়া। একেলগে বহু ৰোমাঞ্চকৰ মুহূৰ্ত কটোৱা দুয়োজনৰ মনত উলাহ। আৰু এটা মনত ৰৈ যোৱা যাত্ৰাৰ আশাই হয়তো কৰিছিল দুয়ো। কিন্তু মনত ৰাখিবলৈ তেওঁলোকেই নাথাকিল। এটা মাত্ৰ খুন্দা আৰু সকলো শেষ।

ঘটনাৰ স্থানঃ গুৱাহাটী–শ্বিলং সংযোগী পথৰ চাং বাঙলা, মেঘালয়ৰ ৰি–ভই। শ্বিলঙলৈ গৈ থকা পথতে ঘটিল অঘটন। এখন ৰয়েল এনফিল্ড বাহনেৰে গৈ আছিল দুয়ো। একা-বেঁকা পথৰ এটা কেঁকুৰিত সন্মুখত পৰিল AS01RC/0413 নম্বৰৰ এখন ট্ৰাক। আগে আগে গৈ থকা ট্ৰাকখনক অতিক্ৰম কৰিবলৈ খুজিলে নিলোৎপলে। তীব্ৰবেগী বাইকে হেৰুৱালে নিয়ন্ত্ৰণ। ট্ৰাক চালকৰ ভাষ্য অনুসৰি, ট্ৰাকৰ সন্মুখভাগৰ চকাত প্ৰথমটো খুন্দা মাৰিলে নীলোৎপল গাৰ্গীৰ বাহনে। গতি ৰুদ্ধ কৰিব নোৱাৰি ৰাস্তাতে বাগৰি পৰিল দুয়ো। দুয়োৰে ওপৰেৰে চলি গ’ল ট্ৰাকখন। থিতাতে মৃত্যু দুই সম্ভাৱনাৰ। এতিয়া দুয়োখন ঘৰতে কেৱল বিষণ্ণতা, মৰিশালি যেন নিস্তব্ধতা। কোনেও একো কাকো বুজনি দিয়াৰ পৰিৱেশ যেন নাই। আজিৰ দিনটোত এটা চাকৰিত যোগ দিয়াৰ কথা আছিল নীলোৎপলে। দুদিন পূৰ্বে আহিছিল গুৱাহাটীলৈ। চাকৰিত যোগদানৰ পূৰ্বে এপাক ফুৰি অহাৰ কথা। কিন্তু সেই যাত্ৰাই যে শেষ যাত্ৰা হ’ব কোনে জানিছিল।

দিপাৱলী আৰু কালী পূজাৰ বন্ধ মিলাই গুৱাহাটী আহিছিল গাৰ্গী। ডিব্ৰুগড় মেডিকেল কলেজৰ অধীনত বি ফাৰ্মত পঢ়ি আছিল গাৰ্গীয়ে। বান্ধৱীৰ সৈতে গুৱাহাটীলৈ বুলি আহিছিল। প্ৰিয়তমৰ সৈতে শ্বিলঙলৈ যোৱাৰ কথা নাজানিছিল পৰিয়ালেও।

এতিয়া এই ঘৰ দুখনত কেৱল শূন্যতা। ২৩ বছৰীয়া নিলোৎপল দুৱৰীৰ নশ্বৰ দেহ মৰাণতে শ্মশানত শেষকৃত্য সম্পন্ন হ’ল। ২১ বছৰীয়া গাৰ্গীৰ মৃতদেহ প্ৰতিবেদন প্ৰস্তুত কৰাৰ পৰলৈকে নংপোতে থাকিল। মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰা হৈছে ব্যৱস্থা। দুই প্ৰচুৰ সম্ভাৱনাময় যুৱক–যুৱতীৰ মৃত্যুৰ বাতৰিত সমগ্ৰ অঞ্চলটোৱেই শোকাকুল হৈ পৰিছে। জ্যেষ্ঠজনেও প্ৰকাশ কৰিছে শোক।

দুৰন্ত গতি, সময়ৰ খেল সকলোবোৰৰ মাজতে নোহোৱা হৈ গ’ল নিলোৎপল গাৰ্গী। নিজাকৈ ভবা কথাবোৰ হয়তো আধৰুৱা হৈয়ে ৰ’ল। ফুল যেন দেহা কেইটাত অজস্ৰ ক্ষত চিহ্ন লৈ গুছি গ’ল দুয়ো। পৰিয়াল দুটাৰ বাবে থাকি গ’ল মাত্ৰ স্মৃতিৰ পাপৰি। ৰৈ গ’ল কেৱল মৰ্ম বেদনাৰ কাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...