দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অ’চি বিৰিঞ্চি দাসে, নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা

নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুইফট বাহনে মহতিয়াই নিলে স্কুটী চালকক। দুৰ্ঘটনাত মৃত্যু ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ। নিহত অ’চিজনৰ নাম বিৰিঞ্চি দাস। গেম ভিলেজৰ সমীপত সংঘটিত এই দুৰ্ঘটনা। এমাহ পূৰ্বে মৃত্যু হৈছিল বিৰিঞ্চি দাসৰ মাতৃৰ। মাতৃৰ বিয়োগৰ পিছতে ছুটীত আছিল অ’চি বিৰিঞ্চি দাস। উল্লেখ্য যে আজি পুনৰ চাকৰিত যোগদান কৰাৰ কথা আছিল বিৰিঞ্চি দাসৰ। দুৰ্ঘটনা সংঘটিত কৰা চুইফটখনৰ নম্বৰ AS 01AY 9101। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুইফট বাহনসহ চালকৰ। জালুকবাৰী দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...