কাৰ জীৱনলৈ কেতিয়া এন্ধাৰ নামে কোনে জানে?

মঙলদৈৰ মিলনপুৰৰ এখন ঘৰত এতিয়া শোকৰ ধুমুহা। ঘৰখনৰ মানুহ, আত্মীয় স্বজন, প্ৰতিৱেশী সকলোৰে অসহায় অৱস্থা। মুক হৈ পৰিছে সকলো। ঘৰখনৰ পৰাই এগৰাকী মানুহক চিকিৎসাৰ বাবে লৈ যোৱা হ’ল দিল্লীলৈ। লগত পুত্ৰ ধ্ৰুৱজ্যোতি নাথ। মাত্ৰ ১০ মাহ পূৰ্বে কৰ সংগ্ৰাহক হিচাপে যোগদান কৰিছিল চাকৰিত। কিন্তু বিধিৰ কি বিপাক। মাতৃৰ অসুখ দেখুৱাবলৈ যোৱা ধ্ৰুৱজ্যোতি নৰিয়াত পৰিল। জণ্ডিচত আক্ৰান্ত ধ্ৰুৱজ্যোতিক ২৪ জুলাইত হায়দৰাবাদৰ AIG হাস্পতালত ভৰ্তি কৰোৱা হ’ল। কিন্তু মাতৃ সেৱাত দিল্লীলৈ যোৱা ধ্ৰুৱজ্যোতি আৰু উভতি নাহিল। হায়দৰাবাদতে মৃত্যু হ’ল ধ্ৰুৱজ্যোতিৰ। মাতৃ এতিয়াও দিল্লীৰ অসম ভৱনত।

এবাৰ ভাবক পৰিয়ালটোৰ এই দূৰ্ভাগ্য। ঘৰত আছে একমাত্ৰ ভনীয়েক। অসহায় অৱস্থা ভনীয়েকৰ। পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী ধ্ৰুৱৰ মৃত্যুত সৰগ ভাগি পৰা পৰিয়ালটিৰ মূৰত আন এক বজ্ৰাঘাত। মৃতদেহ এতিয়াও হায়দৰাবাদৰ চিকিৎসালয়তে। কাৰণ হাস্পতালৰ পৰা মৃতদেহ মোকলাই আনিবলৈ লাগে প্ৰায় টকা ৪ লাখ টকা। নিৰুপায় সকলো।

জুনৰ ৫ তাৰিখে দিল্লীত মাতৃক কেন্সাৰ ৰোগৰ চিকিৎসা কৰাবলৈ গৈছিল পুত্ৰ। হায়দৰাবাদৰ AIG হাস্পতালত হোৱা প্ৰায় চাৰি লক্ষাধিক বিল পৰিশোধ কৰিব নোৱাৰি বিপাঙত পৰিছে পৰিয়ালটো। মৃতদেহটো নিজ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ, প্ৰশাসনক কাতৰ আহ্বান ঘৰখনত থকা ভনীয়েকৰ।

অৱশ্যে দিল্লীৰ অসম ভৱনৰ বিষয়া-কৰ্মচাৰী আৰু মঙলদৈ মিলনপুৰৰ একাংশ লোকে মাতৃক ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে যদিও সেয়াও পৰ্যাপ্ত নহয়। স্থানীয় লোকেও বিচাৰিছে চৰকাৰ প্ৰশাসনৰ সহায়। জনাই জানিছে, শুনাই হুমুনিয়াহ কাঢ়িছে। সকলোৱে কামনা কৰিছে এনে দুৰ্দিন আৰু কাৰো জীৱনলৈ নাহক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...