ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে। এইবাৰৰ ঘটনা কাছাৰৰ। কাছাৰৰ কাটিগড়া জগদীশপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। জলাশয়ত মাছ ধৰিবলৈ যাওঁতেই বজ্ৰ পৰি নিহত হয় এজন লোক। মৃত লোকজনৰ নাম বাহাৰ উদ্দিন।

শুক্ৰবাৰে সন্ধিয়া ঘৰৰ কাষতে থকা জলাশয়ত মাছ ধৰিবলৈ গৈছিল বাহাৰ উদ্দিন। সেই সময়তেই সংঘটিত হয় এই শোকাৱহ ঘটনাতো। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...