কাছাৰৰ চলতাকান্দিত শোকাৱহ ঘটনা

ধাৰাসাৰ বৰষুণৰ মাজতে কাছাৰৰ চলতাকান্দিত সংঘটিত হল এটা শোকাৱহ ঘটনা। এই ঘৰটোতেই শুই আছিল পৰিয়ালৰ ৯জন সদস্য। পুৱতি নিশাৰ সময়ত হঠাত ঘৰটোৰ দেৱাল খহি পৰিল। হেঁচা মাৰি ধৰিলে পৰিয়ালটোৰ কেইবাজনো সদস্য। দেৱালৰ হেঁচাত মৃত্যু এটি ৬ মহীয়া শিশুৰ, প্ৰাণ গ’ল ৩৫ বছৰীয়া পিতৃ আজিৰ উদ্দিনৰো। ঘটনাটো ঘটাৰ লগতে উদ্ধাৰৰ চেষ্টা চলাই চুবুৰীয়াই। কিন্তু পিতা-পুত্ৰৰ প্ৰাণৰক্ষা নহ’ল। আহতসকলক ভৰ্তি কৰোৱা হল হাস্পতালত।

ঘটনাৰ খৱৰ পাই আৰক্ষী আৰু এছ ডি আৰ এফে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCHলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, শোকাকুল পৰিস্থিতিৰ সৃষ্টি অঞ্চলটোত। ৰাজ্য এতিয়া বানৰ কবলত। বানত মৃত্যু হৈছে ইজনৰ পাছত সিজনৰ। ঘটিছে এটাৰ পাছত আনটো অঘটন। ঠায়ে ঠায়ে হৈছে ভূমিস্খলন। ধাৰাষাৰ বৃস্তিপাতে শংকিত কৰি তুলিছে ৰাজ্যবাসীক। বানৰ কবলত পৰিছে কাছাৰ জিলাও। তাৰ মাজতে ঘটা এই ঘটনাক লৈ অধিক শংকা জনতাৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...