কাছাৰৰ চলতাকান্দিত শোকাৱহ ঘটনা

ধাৰাসাৰ বৰষুণৰ মাজতে কাছাৰৰ চলতাকান্দিত সংঘটিত হল এটা শোকাৱহ ঘটনা। এই ঘৰটোতেই শুই আছিল পৰিয়ালৰ ৯জন সদস্য। পুৱতি নিশাৰ সময়ত হঠাত ঘৰটোৰ দেৱাল খহি পৰিল। হেঁচা মাৰি ধৰিলে পৰিয়ালটোৰ কেইবাজনো সদস্য। দেৱালৰ হেঁচাত মৃত্যু এটি ৬ মহীয়া শিশুৰ, প্ৰাণ গ’ল ৩৫ বছৰীয়া পিতৃ আজিৰ উদ্দিনৰো। ঘটনাটো ঘটাৰ লগতে উদ্ধাৰৰ চেষ্টা চলাই চুবুৰীয়াই। কিন্তু পিতা-পুত্ৰৰ প্ৰাণৰক্ষা নহ’ল। আহতসকলক ভৰ্তি কৰোৱা হল হাস্পতালত।

ঘটনাৰ খৱৰ পাই আৰক্ষী আৰু এছ ডি আৰ এফে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCHলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, শোকাকুল পৰিস্থিতিৰ সৃষ্টি অঞ্চলটোত। ৰাজ্য এতিয়া বানৰ কবলত। বানত মৃত্যু হৈছে ইজনৰ পাছত সিজনৰ। ঘটিছে এটাৰ পাছত আনটো অঘটন। ঠায়ে ঠায়ে হৈছে ভূমিস্খলন। ধাৰাষাৰ বৃস্তিপাতে শংকিত কৰি তুলিছে ৰাজ্যবাসীক। বানৰ কবলত পৰিছে কাছাৰ জিলাও। তাৰ মাজতে ঘটা এই ঘটনাক লৈ অধিক শংকা জনতাৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...