ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মাটি কঢ়িওৱা ডাম্পাৰে মহটিয়াই নিলে মহিলাগৰাকীক। ছিপাঝাৰ-গৰুখুঁটি পথৰ ভূক্তাবাৰীত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত ভূক্তাবাৰীৰ মিনাক্ষী বৰুৱা নামৰ মহিলাগৰাকী। মহিলাগৰাকীক খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰে মাটিভৰ্তি ডাম্পাৰখন। ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰ চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS-13AC-6841। ডাম্পাৰৰ দৌৰাত্মৰ বাবেই নিতৌ সংঘটিত হৈছে বহু দুৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাইছে বহু লোকে। পৰিবহণ বিভাগ, আৰক্ষীৰ অভিযানৰ মাজতো কমা নাই ডাম্পাৰ চালকৰ দৌৰাত্ম্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...