কথাবোৰ আধৰুৱা হৈয়ে ৰ’ল! প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী

কিমান যে সপোন! দীৰ্ঘদিনীয়া প্ৰেম আছিল দুয়োৰে। দেখিছিল এক হোৱাৰ সপোন। কথা আছিল সুখে-দুখে একেলগে থকাৰ! কথা আছিল ধুমুহাৰ মাজতো ইজনে-সিজনৰ হাতখন খামুচি থকাৰ! মাঘতেই প্ৰেমিকাৰ উকা কপালখন ৰঙা কৰাৰ কথা আছিল সেন্দুৰেৰে। সেই সপোনটোকেই দিঠক কৰিবলৈ পলাই গুচি গৈছিল দুয়ো। কোনে জানিছিল কথাবোৰ যে আধৰুৱা হৈয়ে ৰ’ব। চিৰদিনৰ বাবে আধৰুৱা হৈ ৰ’ল শচীন-জোনমণিৰ প্ৰেম কাহিনী।

চিলাপথাৰত হৃদয়বিদাৰক ঘটনা। প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী। নিহত যুৱতীগৰাকী দাম্বুক বলুকাগুৰিৰ জোনমণি মেদক। ভাঙিদিয়া গাওঁৰ শচীন দলেৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল জোনমণিৰ। দেওবাৰে বিয়া পতাৰ উদ্দ্যেশে বাইকৰে পলায়ন কৰিছিল প্ৰেমিক যুগল। নিশা প্ৰায় ১০ বজাত পুমি নামৰ গাঁওখনত দুৰ্ঘটনাত পতিত হয় দুয়ো। দুৰ্ঘটনাত থিতাতে নিহত হয় জোনমণি। আনফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শচীন দলে। বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শচীন দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...