দুৰ্ঘটনাত সকলো শেষ, চাকৰিত যোগদান কৰা নহ’ল নিলোৎপলৰ। মেঘালয়ত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত অসমৰ যুৱক-যুৱতী

মৃত্যু এনেকৈয়ে আহেনে! এক দুৰ্ঘটনাই যেন উত্থাপন কৰিছে এনেবোৰ প্ৰশ্নৰ। আজিৰে পৰা চাকৰিত যোগদান কৰাৰ কথা আছিল নিলোৎপলে। আনন্দতে বন্ধুবৰ্গক জনাইছিল চাকৰি পোৱাৰ কথা… কোনে জানিছিল সপোনবোৰ যে সদায় সপোনেই হৈ ৰ’ব।

মেঘালয়ৰ ৰি-ভয় জিলাত দুৰ্ঘটনাত পতিত হৈ নিহত অসমৰ যুৱক-যুৱতী। ঘটনাস্থলীতে নিহত হয় ডিব্ৰুগড়ৰ মৰাণহাটৰ যুৱক নিলোৎপল দুৱৰী আৰু মৰাণহাটৰে গাৰ্গী চুতীয়া। দেওবাৰে পুৱা ৯.৪৮ বজাত গুৱাহাটী-শ্বিলং পথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন ৰয়েল এনফিল্ড হিমালয়ান বাইকত শ্বিলঙলৈ গৈছিল দুয়ো। এখন ট্ৰাকক তীব্ৰবেগত অতিক্ৰম কৰিবলৈ লওতেই সংঘটিত হয় দুৰ্ঘটনাটো। এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাইকখন। তাৰ পিছতে ট্ৰাকখনে মহটিয়াই লৈ যায় যুৱক-যুৱতীদ্বয়ক। দুৰ্গটনাৰ পিছেতে মৃতদেহ উদ্ধাৰ কৰি লৈ যোৱা হয় নংপোৰ অসামৰিক চিকিৎসালয়লৈ। নংপোৰ অসামৰিক চিকিৎসালয়তে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। নংপোৰ পৰা কিছু নিলগত চাংবাংলাত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে ডিব্ৰুগড়ৰ মৰাণহাটত। মৃত নিলোৎপল দুৱৰীৰ বন্ধুবৰ্গই সংবাদ মাধ্যমৰ আগত ক’লে যুৱকজনৰ অমায়িক স্বভাৱৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...