দুৰ্ঘটনাত সকলো শেষ, চাকৰিত যোগদান কৰা নহ’ল নিলোৎপলৰ। মেঘালয়ত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত অসমৰ যুৱক-যুৱতী

মৃত্যু এনেকৈয়ে আহেনে! এক দুৰ্ঘটনাই যেন উত্থাপন কৰিছে এনেবোৰ প্ৰশ্নৰ। আজিৰে পৰা চাকৰিত যোগদান কৰাৰ কথা আছিল নিলোৎপলে। আনন্দতে বন্ধুবৰ্গক জনাইছিল চাকৰি পোৱাৰ কথা… কোনে জানিছিল সপোনবোৰ যে সদায় সপোনেই হৈ ৰ’ব।

মেঘালয়ৰ ৰি-ভয় জিলাত দুৰ্ঘটনাত পতিত হৈ নিহত অসমৰ যুৱক-যুৱতী। ঘটনাস্থলীতে নিহত হয় ডিব্ৰুগড়ৰ মৰাণহাটৰ যুৱক নিলোৎপল দুৱৰী আৰু মৰাণহাটৰে গাৰ্গী চুতীয়া। দেওবাৰে পুৱা ৯.৪৮ বজাত গুৱাহাটী-শ্বিলং পথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন ৰয়েল এনফিল্ড হিমালয়ান বাইকত শ্বিলঙলৈ গৈছিল দুয়ো। এখন ট্ৰাকক তীব্ৰবেগত অতিক্ৰম কৰিবলৈ লওতেই সংঘটিত হয় দুৰ্ঘটনাটো। এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বাইকখন। তাৰ পিছতে ট্ৰাকখনে মহটিয়াই লৈ যায় যুৱক-যুৱতীদ্বয়ক। দুৰ্গটনাৰ পিছেতে মৃতদেহ উদ্ধাৰ কৰি লৈ যোৱা হয় নংপোৰ অসামৰিক চিকিৎসালয়লৈ। নংপোৰ অসামৰিক চিকিৎসালয়তে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। নংপোৰ পৰা কিছু নিলগত চাংবাংলাত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে ডিব্ৰুগড়ৰ মৰাণহাটত। মৃত নিলোৎপল দুৱৰীৰ বন্ধুবৰ্গই সংবাদ মাধ্যমৰ আগত ক’লে যুৱকজনৰ অমায়িক স্বভাৱৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...