৩৭৭ দিনীয়া কৃষক আন্দোলনৰ আজি হ’ব চূড়ান্ত সিদ্ধান্ত!

আজি হ’ব পাৰে কৃষক আন্দোলনৰ অন্তিম দিন। দিল্লী সীমান্তত ৩৭৭ দিনীয়া কৃষক আন্দোলনৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাৰ ৫জনীয়া সমিতিয়ে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত বলবীৰ ৰাজেৱাল, গুৰনাম চাধুনি, যুধবীৰ সিং, অশোক ৰনলে আৰু শিৱ কুমাৰ কাক্কা উপস্থিত থকাৰ কথা। কৃষকসকলে আন্দোলনৰ সময়ত পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ দাবী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণৰ বাবে অপেক্ষা কৰি আছে। সমিতিৰ সদস্যসকলে ভাৰত চৰকাৰৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব পাৰে। দিনৰ ২ বজাত সিংঘু সীমান্তত অনুষ্ঠিত বৈঠকত সকলো ঠিকে থাকিলে আন্দোলন প্ৰত্যাহাৰ কৰিব পাৰে।


শেহতীয়া পৰিস্থিতি


কোন কৃষক নেতাসকলক এমএছপি সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব? সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছে যে কৃষকসকলৰ প্ৰতিনিধিসকলক কেৱল সংযুক্ত কিষাণ মৰ্চাৰ পৰাহে লোৱা হওক। বিতৰ্কিত কৃষি আইনৰ পক্ষত থকা কৃষক কৃষক নেতাক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা।


ক্ষতিপূৰণৰ ক্ষেত্ৰত চৰকাৰে আন্দোলনত মৃত্যু হোৱা ৭০০ৰো অধিক কৃষক পৰিয়ালক ক্ষতিপূৰণ দিবলৈ সন্মত হৈছে। অৱশ্যে সংযুক্ত কিষাণ মৰ্চাৰ দাবী অনুসৰি চৰকাৰে পঞ্জাৱৰ আৰ্হি গ্ৰহণ কৰিব লাগিব।


কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰ কেতিয়ালৈ ঘূৰাই দিয়া হ’ব, সময়সীমা কিমান? কোনবোৰ গোচৰ ঘূৰাই লোৱা হ’ব তাৰ স্পষ্টীকৰণ বিচাৰিছে। কিয়নো ৰাজ্যসমূহৰ উপৰিও, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰে’লৱেও পৃথকে গোচৰ ৰুজু কৰিছিল।


কৃষকসকলৰ মতে সংসদত বিদ্যুৎ আইন অনা উচিত নহয়। যদি এই আইন প্ৰণয়ন কৰা হয়, কৃষকসকলৰ লগতে সাধাৰণ মানুহে অধিক বিল পৰিশোধ কৰিব লাগিব। কেন্দ্ৰই অংশীদাৰসকলৰ মতামত বিচাৰিছিল কিন্তু সংযুক্ত কিষাণ মৰ্চা সন্মত হোৱা নাছিল।
কৃষকসকলৰ ওপৰত জৰিমনা প্ৰদান কৰাক লৈও তীব্ৰ আপত্তি দৰ্শাইছল সংযুক্ত কিষাণ মৰ্চাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...