৩৭৭ দিনীয়া কৃষক আন্দোলনৰ আজি হ’ব চূড়ান্ত সিদ্ধান্ত!

আজি হ’ব পাৰে কৃষক আন্দোলনৰ অন্তিম দিন। দিল্লী সীমান্তত ৩৭৭ দিনীয়া কৃষক আন্দোলনৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাৰ ৫জনীয়া সমিতিয়ে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত বলবীৰ ৰাজেৱাল, গুৰনাম চাধুনি, যুধবীৰ সিং, অশোক ৰনলে আৰু শিৱ কুমাৰ কাক্কা উপস্থিত থকাৰ কথা। কৃষকসকলে আন্দোলনৰ সময়ত পঞ্জীয়ন কৰা গোচৰসমূহ উঠাই লোৱাৰ দাবী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণৰ বাবে অপেক্ষা কৰি আছে। সমিতিৰ সদস্যসকলে ভাৰত চৰকাৰৰ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব পাৰে। দিনৰ ২ বজাত সিংঘু সীমান্তত অনুষ্ঠিত বৈঠকত সকলো ঠিকে থাকিলে আন্দোলন প্ৰত্যাহাৰ কৰিব পাৰে।


শেহতীয়া পৰিস্থিতি


কোন কৃষক নেতাসকলক এমএছপি সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব? সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছে যে কৃষকসকলৰ প্ৰতিনিধিসকলক কেৱল সংযুক্ত কিষাণ মৰ্চাৰ পৰাহে লোৱা হওক। বিতৰ্কিত কৃষি আইনৰ পক্ষত থকা কৃষক কৃষক নেতাক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা।


ক্ষতিপূৰণৰ ক্ষেত্ৰত চৰকাৰে আন্দোলনত মৃত্যু হোৱা ৭০০ৰো অধিক কৃষক পৰিয়ালক ক্ষতিপূৰণ দিবলৈ সন্মত হৈছে। অৱশ্যে সংযুক্ত কিষাণ মৰ্চাৰ দাবী অনুসৰি চৰকাৰে পঞ্জাৱৰ আৰ্হি গ্ৰহণ কৰিব লাগিব।


কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰ কেতিয়ালৈ ঘূৰাই দিয়া হ’ব, সময়সীমা কিমান? কোনবোৰ গোচৰ ঘূৰাই লোৱা হ’ব তাৰ স্পষ্টীকৰণ বিচাৰিছে। কিয়নো ৰাজ্যসমূহৰ উপৰিও, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰে’লৱেও পৃথকে গোচৰ ৰুজু কৰিছিল।


কৃষকসকলৰ মতে সংসদত বিদ্যুৎ আইন অনা উচিত নহয়। যদি এই আইন প্ৰণয়ন কৰা হয়, কৃষকসকলৰ লগতে সাধাৰণ মানুহে অধিক বিল পৰিশোধ কৰিব লাগিব। কেন্দ্ৰই অংশীদাৰসকলৰ মতামত বিচাৰিছিল কিন্তু সংযুক্ত কিষাণ মৰ্চা সন্মত হোৱা নাছিল।
কৃষকসকলৰ ওপৰত জৰিমনা প্ৰদান কৰাক লৈও তীব্ৰ আপত্তি দৰ্শাইছল সংযুক্ত কিষাণ মৰ্চাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...