বেঙেনা খালে কি কি অপকাৰ হ’ব পাৰে আপোনাৰ?

শীতকালত সকলোৰে এবিধ প্ৰিয় খাদ্য হৈছে বেঙেনা। বিশেষকৈ বেঙেনাৰ ফ্ৰাইৰ দৰে ব্যঞ্জনে মুখলৈ পানী আনে। আনহাতে অসমত বেঙেনা পিটিকা অলপ ভাতৰ কাষত হ’লে পৰম তৃপ্তিদায়ক ভোজন সমাপন কৰে সকলোৱে। তেনেক্ষেত্ৰত আমি বেঙনাৰ উপকাৰিতাৰ লগতে কিছু কিছু বিষয়ত ইয়াৰ অপকাৰিতাৰ বিষয়ে জনাটোও প্ৰয়োজন। কেতিয়াবা বেঙেনা খোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা নাথাকিলেও বেঙেনা বেছি ভাজি খাব নালাগে। ই বেঙেনাত থকা পুষ্টিবোৰ নাইকিয়া কৰে। যিসকলে বেঙেনা খাই ভাল পায় তেওঁলোকে বেঙেনা পুৰি বা সিজাই খোৱাটোৱেই বেছি ভাল। যদি আপোনাৰ পেটৰ কোনো সমস্যা আছে তেন্তে আপুনি বেঙেনা খোৱা পৰিহাৰ বা কমাই খোৱা উচিত। অত্যধিক খালে ইয়াৰ ফলত আপোনাৰ পেটৰ বিষ, গেছ, বদহজম আৰু বমিৰ দৰে সমস্যা হ’ব পাৰে। গৰ্ভাৱস্থাৰ সময়ত আপুনি বেঙেনা খোৱা পৰিহাৰ কৰা উচিত। দৰাচলতে গৰ্ভধাৰণৰ সময়ত বেঙেনা খোৱাটো গৰ্ভজাত কেঁচুৱাৰ বিকাশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আপোনাৰ শৰীৰত কোনো এলাৰ্জি থাকিলে বেঙেনা খোৱাটো বৰ সমীচিন নহয়। গতিকে এনে বহু ক্ষেত্ৰত সোৱাদযুক্ত পাচলি হ’লেও শৰীৰত আন সমস্যা থাকিলে বেঙেনা খাওঁতে আপুনি সাৱধান হোৱা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...