২১ ফেব্ৰুৱাৰীত ফাৰহান আখতাৰ আৰু শিবানীৰ বিয়া!

কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখতাৰে নিশ্চিত কৰিছে যে তেওঁৰ পুত্ৰ ফাৰহান আখতাৰে তেওঁৰ প্ৰেমিকা শিবানী দাণ্ডেকাৰক বিয়া কৰাবলৈ সাজু হৈছে, বিগত প্ৰায় চাৰিটা বছৰে সম্পৰ্কত থাকি অৱশেষত ২১ ফেব্ৰুৱাৰীৰ দিনাই যুগ্ম জীৱনৰ পাতনি মেলিব দুয়োৱে। ফাৰহান আৰু শিবানীৰ বিবাহ এটা ‘অতি সৰল বিষয়’ হ’ব আৰু খাণ্ডালাত জাভেদৰ পৰিয়ালৰ ঘৰত অনুষ্ঠিত হ’ব।

কভিড-19 মহামাৰীৰ নিষেধাজ্ঞাৰ বাবে কেৱল কেইজনমান নিৰ্বাচিত লোকেহে উপস্থিত থাকিব বিয়াত। জাভেদে জনোৱা মতে এতিয়াও কোনো লোককে কৰা হোৱা নাই নিমন্ত্ৰণ।

জাভেদে কয় যে এইটো এটা অন্তৰংগ অনুষ্ঠান হ’ব। “পৰিস্থিতিৰ কথা বিবেচনা কৰি এইটো স্পষ্ট যে আমি বৃহৎ পৰিমাণত একো আয়োজন কৰিব নোৱাৰো। গতিকে আমি কেৱল কেইজনমান লোকক মাতিম বিয়ালৈ। এইটো এটা অতি সৰল বিবাহ হ’ব। এতিয়ালৈকে কোনো লোকলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...