২১ ফেব্ৰুৱাৰীত ফাৰহান আখতাৰ আৰু শিবানীৰ বিয়া!

কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখতাৰে নিশ্চিত কৰিছে যে তেওঁৰ পুত্ৰ ফাৰহান আখতাৰে তেওঁৰ প্ৰেমিকা শিবানী দাণ্ডেকাৰক বিয়া কৰাবলৈ সাজু হৈছে, বিগত প্ৰায় চাৰিটা বছৰে সম্পৰ্কত থাকি অৱশেষত ২১ ফেব্ৰুৱাৰীৰ দিনাই যুগ্ম জীৱনৰ পাতনি মেলিব দুয়োৱে। ফাৰহান আৰু শিবানীৰ বিবাহ এটা ‘অতি সৰল বিষয়’ হ’ব আৰু খাণ্ডালাত জাভেদৰ পৰিয়ালৰ ঘৰত অনুষ্ঠিত হ’ব।

কভিড-19 মহামাৰীৰ নিষেধাজ্ঞাৰ বাবে কেৱল কেইজনমান নিৰ্বাচিত লোকেহে উপস্থিত থাকিব বিয়াত। জাভেদে জনোৱা মতে এতিয়াও কোনো লোককে কৰা হোৱা নাই নিমন্ত্ৰণ।

জাভেদে কয় যে এইটো এটা অন্তৰংগ অনুষ্ঠান হ’ব। “পৰিস্থিতিৰ কথা বিবেচনা কৰি এইটো স্পষ্ট যে আমি বৃহৎ পৰিমাণত একো আয়োজন কৰিব নোৱাৰো। গতিকে আমি কেৱল কেইজনমান লোকক মাতিম বিয়ালৈ। এইটো এটা অতি সৰল বিবাহ হ’ব। এতিয়ালৈকে কোনো লোকলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...