বেঙেনা খালে কি কি অপকাৰ হ’ব পাৰে আপোনাৰ?

শীতকালত সকলোৰে এবিধ প্ৰিয় খাদ্য হৈছে বেঙেনা। বিশেষকৈ বেঙেনাৰ ফ্ৰাইৰ দৰে ব্যঞ্জনে মুখলৈ পানী আনে। আনহাতে অসমত বেঙেনা পিটিকা অলপ ভাতৰ কাষত হ’লে পৰম তৃপ্তিদায়ক ভোজন সমাপন কৰে সকলোৱে। তেনেক্ষেত্ৰত আমি বেঙনাৰ উপকাৰিতাৰ লগতে কিছু কিছু বিষয়ত ইয়াৰ অপকাৰিতাৰ বিষয়ে জনাটোও প্ৰয়োজন। কেতিয়াবা বেঙেনা খোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা নাথাকিলেও বেঙেনা বেছি ভাজি খাব নালাগে। ই বেঙেনাত থকা পুষ্টিবোৰ নাইকিয়া কৰে। যিসকলে বেঙেনা খাই ভাল পায় তেওঁলোকে বেঙেনা পুৰি বা সিজাই খোৱাটোৱেই বেছি ভাল। যদি আপোনাৰ পেটৰ কোনো সমস্যা আছে তেন্তে আপুনি বেঙেনা খোৱা পৰিহাৰ বা কমাই খোৱা উচিত। অত্যধিক খালে ইয়াৰ ফলত আপোনাৰ পেটৰ বিষ, গেছ, বদহজম আৰু বমিৰ দৰে সমস্যা হ’ব পাৰে। গৰ্ভাৱস্থাৰ সময়ত আপুনি বেঙেনা খোৱা পৰিহাৰ কৰা উচিত। দৰাচলতে গৰ্ভধাৰণৰ সময়ত বেঙেনা খোৱাটো গৰ্ভজাত কেঁচুৱাৰ বিকাশৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আপোনাৰ শৰীৰত কোনো এলাৰ্জি থাকিলে বেঙেনা খোৱাটো বৰ সমীচিন নহয়। গতিকে এনে বহু ক্ষেত্ৰত সোৱাদযুক্ত পাচলি হ’লেও শৰীৰত আন সমস্যা থাকিলে বেঙেনা খাওঁতে আপুনি সাৱধান হোৱা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...