ৰঙা পিঁয়াজৰ এইকেইটা গুণ জানিলে আপুনিও হ’ব আচৰিত!

পিঁয়াজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিঁয়াজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিঁয়াজৰ আছে আন বহু ঔষধি গুণ। আধা চামুচ পিঁয়াজৰ ৰস উলিয়াই অকনমান গৰম কৰি কাণত দিলে বিষ উপশম হয়। দুচামুচকৈ পিঁয়াজৰ ৰস দৈনিক সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি প্রখৰ হয়। কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা তেজ ওলালে পিঁয়াজ এটা খুন্দি ৰস উলিয়াই দুটোপালকৈ দুয়োটা নাকত দিব লাগে। আঘাত পাই উখহিলে পিঁয়াজ আৰু হালধি পিচি সেই ঠাইত প্রলেপ দি কাপোৰেৰে মেৰিয়াই থব লাগে। পিঁয়াজৰ ৰস এচামুচ আৰু আদা ৰস আধা চামুচ মিলাই খালে কফ, ঠান্ডা লাগি মাত ভাঙিলে ভাল হয়। পিঁয়াজৰ ৰসত মৌ মিহলাই খালে টনচিল ভাল হয়। সৰু ল’ৰা ছোৱালীৰ কৃমি বা পেলু হ’লে দুই চামুচ পিঁয়াজৰ ৰসৰ লগত মৌ মিহলাই ৰাতি আহাৰ খোৱাৰ পিছত খুৱাব লাগে।

পিঁয়াজ পিচি সামান্য গৰম কৰি গাঠি বিষ, বাত বিষ, আৰু মাংসপেশী বিষ হ’লে প্রলেপ দিব লাগে। নহ’লে নিয়মীয়াকৈ পিয়াঁজৰ তেল অলপ গৰম কৰি মালিচ কৰিব লাগে। পিঁয়াজৰ ৰস আৰু নাৰিকল তেল গৰম কৰি মূৰত লগালে নতুন চুলি গজে। উচ্চ ৰক্তচাপ থকা মানুহে পিঁয়াজ কমকৈ ব্যৱহাৰ কৰিব লাগে। পিঁয়াজ কাটি থৈ তাক পুনৰ ব্যৱহাৰ কৰিব নালাগে। কাৰণ তাত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়। বিশেষকৈ পিঁয়াজ কাটি ফ্রিজত থব নালাগে। পিঁয়াজ শিপাৰ ফালৰ পৰা নাকাটি মূৰৰ ফালৰ পৰা কাটিলে চকুপানী নোলায়। ঘৰত নতুনকৈ ৰংদিলে এক উগ্ৰ গোন্ধ ওলায়, ইয়াৰ পৰা হাত সাৰিবলৈ পিঁয়াজ কাটি থৈ দিব লাগে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...