IITৰ প্ৰৱেশিকা পৰীক্ষাত অসমৰ ছাত্ৰৰ সাফল্য, পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল স্বপনৰ

পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উজলি উঠিল অসম সন্তান ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IITৰ প্ৰৱেশিকা (JAM) পৰীক্ষাত ডুমডুমাৰ ৰূপাই চাইডিঙৰ স্বপন লিম্বুৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। স্বপন লিম্বুৱে পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। কাকজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰ লিম্বু আৰু ভাগৱতী লিম্বুৰ পুত্ৰ স্বপনৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়াল তথা সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। স্বপনৰ এই সাফল্যত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে স্বপনৰ লগতে স্বপনৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনায়। ডিগবৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ স্বপনৰ ভৱিষ্যতে এগৰাকী সফল বিজ্ঞানী হোৱাৰ সপোন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...