১৯১ কোটি টকাৰ ৰাজহ লোকচান, ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল। ক’ভিডৰ বাবে যোৱা দুটা বছৰত লোকচানৰ সন্মুখীন হৈছিল ৭৮০ কোটি টকাৰ। ১৯১ কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ।
২০১৯-২০ত বন্ধ আছিল কপিলী, কাৰ্বি লাংপি প্ৰকল্প। দুয়োটা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ। ৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মাচুল বৃদ্ধি। বৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই সদৰি কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...