ৰঙা পিঁয়াজৰ এইকেইটা গুণ জানিলে আপুনিও হ’ব আচৰিত!

পিঁয়াজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিঁয়াজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিঁয়াজৰ আছে আন বহু ঔষধি গুণ। আধা চামুচ পিঁয়াজৰ ৰস উলিয়াই অকনমান গৰম কৰি কাণত দিলে বিষ উপশম হয়। দুচামুচকৈ পিঁয়াজৰ ৰস দৈনিক সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি প্রখৰ হয়। কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা তেজ ওলালে পিঁয়াজ এটা খুন্দি ৰস উলিয়াই দুটোপালকৈ দুয়োটা নাকত দিব লাগে। আঘাত পাই উখহিলে পিঁয়াজ আৰু হালধি পিচি সেই ঠাইত প্রলেপ দি কাপোৰেৰে মেৰিয়াই থব লাগে। পিঁয়াজৰ ৰস এচামুচ আৰু আদা ৰস আধা চামুচ মিলাই খালে কফ, ঠান্ডা লাগি মাত ভাঙিলে ভাল হয়। পিঁয়াজৰ ৰসত মৌ মিহলাই খালে টনচিল ভাল হয়। সৰু ল’ৰা ছোৱালীৰ কৃমি বা পেলু হ’লে দুই চামুচ পিঁয়াজৰ ৰসৰ লগত মৌ মিহলাই ৰাতি আহাৰ খোৱাৰ পিছত খুৱাব লাগে।

পিঁয়াজ পিচি সামান্য গৰম কৰি গাঠি বিষ, বাত বিষ, আৰু মাংসপেশী বিষ হ’লে প্রলেপ দিব লাগে। নহ’লে নিয়মীয়াকৈ পিয়াঁজৰ তেল অলপ গৰম কৰি মালিচ কৰিব লাগে। পিঁয়াজৰ ৰস আৰু নাৰিকল তেল গৰম কৰি মূৰত লগালে নতুন চুলি গজে। উচ্চ ৰক্তচাপ থকা মানুহে পিঁয়াজ কমকৈ ব্যৱহাৰ কৰিব লাগে। পিঁয়াজ কাটি থৈ তাক পুনৰ ব্যৱহাৰ কৰিব নালাগে। কাৰণ তাত বিভিন্ন ৰোগৰ বীজাণুৱে বাহ লয়। বিশেষকৈ পিঁয়াজ কাটি ফ্রিজত থব নালাগে। পিঁয়াজ শিপাৰ ফালৰ পৰা নাকাটি মূৰৰ ফালৰ পৰা কাটিলে চকুপানী নোলায়। ঘৰত নতুনকৈ ৰংদিলে এক উগ্ৰ গোন্ধ ওলায়, ইয়াৰ পৰা হাত সাৰিবলৈ পিঁয়াজ কাটি থৈ দিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...