এচিকুট হালধিৰ কি কি উপকাৰিতা জানেনে?

আপোনাৰ গা-ধোৱা পানীত মিহলি কৰক এচিকুট হালধি। হালধি পানী আপোনাৰ বাবে অত্যন্ত উপযোগী হ’ব পাৰে। পানীত হালধি মিহলি কৰি গা-ধোলে বৃদ্ধি পায় ছালৰ উজ্জ্বলতা। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ। আপুনি যদি ছালৰ বিভিন্ন সমস্যাত ভুগিছে তেন্তে আপুনি নিতৌ গা-ধোৱা পানীখিনিত মিহলি কৰি লওঁক এচিকুট হালধি। কাৰণ হালধিৰ পানীয়ে ছালক বহুতো সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰে। হালধিত এণ্টি-অক্সিডেণ্ট থাকে যিয়ে ছালৰ সমস্যা দূৰ কৰে। শালমইনাৰ সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰতো হালধি মিহলোৱা পানী আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। শালমইনাৰ দাগ আঁতৰ কৰাৰ লগতে ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ছালৰ ঘা নিৰাময়তো সহায়ক হালধি। হালধি মিহলি কৰা পানীৰে নিয়মীয়াকৈ গা ধুলে ছালৰ ঘা সোনকালে আৰোগ্য হ’ব পাৰে। কিন্তু অত্যাধিক হালধি পানীৰে গা ধোৱাৰ ফলত ছালত এলাৰ্জিৰ সমস্যাও হ’ব পাৰে। যদি আপুনি হালধিৰ প্ৰতি এলাৰ্জি অনুভৱ কৰে, তেন্ত ইয়াৰ পৰা বিৰত থাকক। অন্যথা ছালৰ বিভিন্ন সমস্যা দূৰ কৰিব বাবে গা-ধোৱা পানীত আপুনি নিতৌ অলপমাল হালধি গুড়ি ব্যৱহাৰ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...