কিদৰে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰিব?

হিম’গ্লবিন শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উপাদান। এই উপাদানৰ কাৰণেই তেজৰ ৰং ৰঙা হয়। বিশ্বত বহু লোকে হিম’গ্লবিনৰ অভাৱত ৰক্তহীনতাত ভোগে। কিন্তু কিছুমান খাদ্য নিয়মিত ভাৱে খালে আমাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে হয়। সহজভাৱে উপলব্ধ মৰিছা শাকে বৃদ্ধি কৰে হিম’গ্লবিন। শৰীৰত আইৰণৰ অভাৱ কমাবলৈ হ’লে মৰিছা শাক নিয়মিতভাৱে সেৱন কৰা প্ৰয়োজন। একেদৰে চেনীতকৈ গুড়ে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। গুড়ত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, আইৰণ আৰু পটাচিয়াম থাকে ফলত ই হিম’গ্লবিন বৃদ্ধিত সহায়ক হয়। পালেং শাকতো প্ৰচুৰ পৰিমাণে আইৰণ আৰু কেলচিয়াম থাকে। হিম’গ্লবিনৰ সমস্যাত ভুগিলে শীত কালত পালেং শাক নিয়মিত খাব লাগে। শৰীৰত আইৰণ হ্ৰাস পোৱা ৰোধ কৰে ব্ৰকলিয়েও। একেদৰে নেমুজাতীয় ফলো শীতকালত খোৱাটো অতিকে প্ৰয়োজন। এনে আহাৰত থকা চি ভিটামিনে শৰীৰত আইৰণ সহজে শোষণত সহায় কৰে। গতিকে এইবোৰ খাদ্য নিয়মিতভাৱে খালে হিম’গ্লবিনৰ অভাৱত বা ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰি।

NKTV Digital
Author: NKTV Digital

118 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...