কেনেকৈ জানিব আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে?

ডায়েবেটিছক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। আপুনি নজনাকৈয়ে চিকাৰ হ’ব পাৰে ডায়েবেটিছৰ। শৰীৰত কিছু লক্ষণ দেখিলেই যদি আপুনি সাৱধান হয় তেন্তে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। ডায়েবেটিছ ৰোগীৰ অধিক ভোগ লাগে আৰু ভাগৰুৱা অনুভৱ কৰে। আমি যি খাও আমাৰ শৰীৰে তাক গ্লুক’জত পৰিৱৰ্তিত কৰে, যাক আমাৰ শৰীৰৰ কোষে শক্তিৰ বাবে ব্যৱহাৰ কৰে। কোষে গ্লুক’জ লোৱাৰ বাবে ইনছুলিনৰ প্ৰয়োজন হয়। যদি আমাৰ শৰীৰে পৰ্যাপ্ত ইনছুলিন প্ৰস্তুত নকৰে, তেন্তে গ্লুক’জ তালৈ নাযায় আৰু শৰীৰে শক্তি নাপায়। সেইবাবেই ডায়েবেটিছ ৰোগীৰ অধিক ভোক আৰু ভাগৰুৱা অনুভৱ হয়। ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱ ঘনে ঘনে লাগে আৰু পিয়াহো অধিক লাগে। ব্লাড ছুগাৰৰ স্তৰ বাঢ়িলে তেনে লোকে দিনত ৮-১০ বাৰ প্ৰস্ৰাৱ কৰিব লাগে। তেজত ছুগাৰৰ মাত্ৰা অধিক হ’লে ছালৰ খজুৱতি হ’বলৈ লয়। যদি আপোনাৰ ডিঙি, বাহু, কঁকাল বা শৰীৰৰ আন অংশত ডাঠ দাগ দেখিছে তেন্তে তেজত বহুত বেছি ইনছুলিন হোৱাৰ সংকেত। চকুৰে ধোঁৱা ধোঁৱা দেখা, সোনকালে ঘা নুশুকুৱা, বাৰে বাৰে মুখ শুকাই যোৱা আদি লক্ষণ দেখা দিলে আপুনি সাৱধান হওক। এইয়া ডায়েবেটিছৰো লক্ষণ হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...