একতা কাপুৰৰ নতুন ৰিয়েলিটি শ্ব’, প্ৰথমবাৰলৈ আঁত ধৰিব কংগনা ৰানাৱটে

বিগ বি অমিতাভ বচ্চন, চলমান খানৰ পৰা ৰণবীৰ সিঙলৈকে বলীউডৰ চুপাৰষ্টাৰসকলক দূৰদৰ্শনত হোষ্ট বা আঁত ধৰোঁতা হিচাপে দেখা গৈছে। তালিকাখনত নতুনকৈ সংযোগ হৈছে কংগনা ৰাণাৱটৰ নাম। শেহতীয়াকৈ সমাপ্ত হৈছে বিগ বছ। বিগ বছ শেষ হোৱাৰ লগে লগে টিভি কুইন খ্যাত একতা কাপুৰে নতুন ৰিয়েলিটি শ্ব’ ঘোষণা কৰিছে। কিন্তু এই অনুষ্ঠানটো আন ৰিয়েলিটি শ্ব’তকৈ সম্পূৰ্ণ পৃথক হ’ব বুলি ঘোষণা কৰিছে। একতাৰ মতে, এইটো এতিয়ালৈকে প্ৰচাৰিত আটাইতকৈ সাহসী ৰিয়েলিটি শ্ব’ হ’বলৈ গৈ আছে।
একতাই তিমধ্যে অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব দিছে কংগনা ৰাণাৱটক। কংগনা আৰু একতাৰ বন্ধুত্বৰ বিষয়ে সকলোৱে জানে, কংগনাক এইবাৰ এগৰাকী হোষ্টৰ ৰূপত দেখা যাব। প্ৰকাশিত খবৰ অনুসৰি এই অনুষ্ঠানটো এটা দুঃসাহসিক আৰু মতামত আধাৰিত অনুষ্ঠান হ’ব। একতাই ইতিমধ্যে কংগনাৰ সৈতে এই বিষয়ে কথা পাতিছে। কংগনাই এই অনুষ্ঠানটোৰ জৰিয়তে নতুন ৰূপত আৰম্ভণি কৰিবলৈ সাজু হৈছে। অনুষ্ঠানটো OTT প্লেটফৰ্মত সম্প্ৰচাৰিত হ’ব। অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোত বিভিন্ন বিষয়ত নিজৰ মতামত উপস্থাপন কৰিব আৰু কংগনাৰ মাজত বিতৰ্ক হ’ব।

অনুষ্ঠানটো বিগ বছৰ সৈতে যথেষ্ট মিল থাকিব। এটা স্থানত কেইজনমান লোক ৮-১০ সপ্তাহৰ বাবে একেলগে থাকিব। ঘৰৰ প্ৰতিটো কোণত কেমেৰা থাকিব। কেমেৰাটোৱে প্ৰতিযোগীসকলৰ সৰ্বকালৰ আচৰণ, কথোপকথন কেপচাৰ কৰিব। বিগ বছৰ দৰে সেই প্ৰতিযোগীসকলক বিভিন্ন ধৰণৰ কাম দিয়া হ’ব য’ত তেওঁলোকে নিজৰ সাহসিকতা প্ৰমাণ কৰিব লাগিব। ৰিয়েলিটি শ্ব’টোৰ নাম এতিয়াও প্ৰকাশ কৰা নাই। অনুষ্ঠানটো অল্ট বালাজী আৰু এমএক্স প্লেয়াৰত সম্প্ৰচাৰিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...