একতা কাপুৰৰ নতুন ৰিয়েলিটি শ্ব’, প্ৰথমবাৰলৈ আঁত ধৰিব কংগনা ৰানাৱটে

বিগ বি অমিতাভ বচ্চন, চলমান খানৰ পৰা ৰণবীৰ সিঙলৈকে বলীউডৰ চুপাৰষ্টাৰসকলক দূৰদৰ্শনত হোষ্ট বা আঁত ধৰোঁতা হিচাপে দেখা গৈছে। তালিকাখনত নতুনকৈ সংযোগ হৈছে কংগনা ৰাণাৱটৰ নাম। শেহতীয়াকৈ সমাপ্ত হৈছে বিগ বছ। বিগ বছ শেষ হোৱাৰ লগে লগে টিভি কুইন খ্যাত একতা কাপুৰে নতুন ৰিয়েলিটি শ্ব’ ঘোষণা কৰিছে। কিন্তু এই অনুষ্ঠানটো আন ৰিয়েলিটি শ্ব’তকৈ সম্পূৰ্ণ পৃথক হ’ব বুলি ঘোষণা কৰিছে। একতাৰ মতে, এইটো এতিয়ালৈকে প্ৰচাৰিত আটাইতকৈ সাহসী ৰিয়েলিটি শ্ব’ হ’বলৈ গৈ আছে।
একতাই তিমধ্যে অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব দিছে কংগনা ৰাণাৱটক। কংগনা আৰু একতাৰ বন্ধুত্বৰ বিষয়ে সকলোৱে জানে, কংগনাক এইবাৰ এগৰাকী হোষ্টৰ ৰূপত দেখা যাব। প্ৰকাশিত খবৰ অনুসৰি এই অনুষ্ঠানটো এটা দুঃসাহসিক আৰু মতামত আধাৰিত অনুষ্ঠান হ’ব। একতাই ইতিমধ্যে কংগনাৰ সৈতে এই বিষয়ে কথা পাতিছে। কংগনাই এই অনুষ্ঠানটোৰ জৰিয়তে নতুন ৰূপত আৰম্ভণি কৰিবলৈ সাজু হৈছে। অনুষ্ঠানটো OTT প্লেটফৰ্মত সম্প্ৰচাৰিত হ’ব। অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোত বিভিন্ন বিষয়ত নিজৰ মতামত উপস্থাপন কৰিব আৰু কংগনাৰ মাজত বিতৰ্ক হ’ব।

অনুষ্ঠানটো বিগ বছৰ সৈতে যথেষ্ট মিল থাকিব। এটা স্থানত কেইজনমান লোক ৮-১০ সপ্তাহৰ বাবে একেলগে থাকিব। ঘৰৰ প্ৰতিটো কোণত কেমেৰা থাকিব। কেমেৰাটোৱে প্ৰতিযোগীসকলৰ সৰ্বকালৰ আচৰণ, কথোপকথন কেপচাৰ কৰিব। বিগ বছৰ দৰে সেই প্ৰতিযোগীসকলক বিভিন্ন ধৰণৰ কাম দিয়া হ’ব য’ত তেওঁলোকে নিজৰ সাহসিকতা প্ৰমাণ কৰিব লাগিব। ৰিয়েলিটি শ্ব’টোৰ নাম এতিয়াও প্ৰকাশ কৰা নাই। অনুষ্ঠানটো অল্ট বালাজী আৰু এমএক্স প্লেয়াৰত সম্প্ৰচাৰিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...