এইবাৰৰ কমনৱেলথ গেমছত থাকিব মহিলা ক্ৰিকেট

0 67

বিশ্বৰ অন্যতম জনপ্ৰিয় খেল ক্ৰিকেটক এইবাৰ দেখা যাব বাৰ্মিংহামত অনুষ্ঠিত হ’ব লগা ২০২২ কমনৱেলথ গেমছত। মঙলবাৰে এই কথা ঘোষণা কৰে International Cricket Council (ICC)য়ে।

যোৱা সপ্তাহত কুয়ালালামপুৰত অনুষ্ঠিত মহিলা T-20 কমনৱেলথ গেমছ কোৱালিফায়াৰত শ্ৰীলংকান মহিলা দলে জয়লাভ কৰাৰ পিছত অষ্ট্ৰেলিয়া, বাৰ্বাডোছ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত ৮টা দলৰ লাইন-আপ সম্পূৰ্ণ কৰে আইচিচিয়ে।

প্ৰতিযোগিতাখন লীগ পৰ্যায়ত দুটা গ্ৰুপত খেলা হ’ব। অষ্ট্ৰেলিয়া আৰু ভাৰতৰ লগতে, গ্ৰুপ A-ত বাৰ্বাডোছ আৰু পাকিস্তানো অন্তৰ্ভুক্ত আছে। ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাই গ্ৰুপ B-ত আধিপত্যৰ বাবে যুঁজ দিব।

২৯ জুলাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ’ব। আনহাতে, পদকৰ খেলসমূহ ৭ আগষ্টত অনুষ্ঠিত হ’ব।

দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট কমনৱেলথ গেমছৰ অংশ হ’ব। শেষবাৰৰ বাবে ১৯৯৮ চনত কুয়ালালামপুৰত দক্ষিণ আফ্ৰিকাৰ পুৰুষ দলে স্বৰ্ণ জয় কৰিছিল আৰু অষ্ট্ৰেলিয়াই ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.