ছাল শুকান আৰু খহটা হৈছে নেকি, তেন্তে কি কৰিব?

শীতকালত সাধাৰণতে প্ৰায়ে ছাল শুকান আৰু খহটা হৈ পৰা দেখা যায়। চুলিৰ সমস্যাতো ভোগা দেখা যায় শীতকালত। শুকান ছালৰ সমস্যা ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো দৰকাৰ। কাৰণ পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেড কৰি ৰাখে। লগতে সেউজীয়া শাক-পাচলি, ফলমূল আদি খোৱাটো দৰকাৰ। আপুনি ৰাতি শোৱাৰ আগতে কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপ জল মিহলি কৰি ওঁঠত লগাব পাৰে। যাৰ ফলত আপোনাৰ ওঁঠ ফটা সমস্যা দূৰ হ’ব। শীতকালত চুলিৰ উফি সমস্যাও দেখা যায়। বাদামৰ তেলে ছালৰ উপযুক্ত আৰ্দ্ৰতা প্ৰদান কৰে আৰু প্ৰাকৃতিক উজ্বলতা বজাই ৰখাত সহায় কৰে। আপুনি আপোনাৰ মুখমণ্ডল বাদাম তেলৰে মালিচ কৰিব পাৰে। ফল-মূল, সেউজীয়া শাক-পাচলি, ভিটামিন চি যুক্ত আহাৰ গ্ৰহণ কৰিলেও বৃদ্ধি পাব আপোনাৰ ছালৰ উজ্বলতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...