কিদৰে মৃত্যু হৈছিল CDS বিপিন ৰাৱটৰ?

৮ ডিচেম্বৰত হঠাতে আহিছিল এটা বেয়া খবৰ। তামিলনাডুৰ কুন্নুৰ উপত্যকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰ। সেই দুৰ্ঘটনাতে মৃত্যু মুখত পৰিছিল পত্নীসহ CDS বিপিন ৰাৱট। বেয়া বতৰৰ বাবে সংঘটিত হৈছিল CDS বিপিন ৰাৱটৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে মেঘৰ মাজত সোমাই পৰিছিল MI-17V5 হেলিকপ্টাৰখন। তামিলনাডুৰ কুন্নুৰ উপত্যকাত যোৱা বছৰৰ ৮ ডিচেম্বৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তকাৰী দলৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ এই কথা। ভাৰতৰ সামৰিক বাহিনীৰ তিনিওটা শাখাৰ একাধিক বিশেষজ্ঞকলৈ এই যুটীয়া তদন্ত সমিতি গঠন কৰা হৈছিল। প্ৰতিৰক্ষা বিভাগক ইতিমধ্যে ঘটনাৰ তদন্ত সমিতিয়ে দাখিল কৰিছিল এই প্ৰতিবেদন। তিনি সেনাবাহিনীৰ সন্মিলিত এই তদন্তৰ নেতৃত্বত আছিল চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্শ্বাল ভি. আৰ. চৌধাৰী আৰু এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিং। দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ মুঠ ১৪গৰাকী যাত্ৰী কঢ়িয়াই নিয়া অত্যাধুনিক MI-17V5 হেলিকপ্টাৰখন সেইদিনা বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে হঠাৎ মেঘৰ মাজত সোমাই পৰিছিল আৰু হেলিকপ্টাৰখনৰ পাইলটে হেৰুৱাই পেলাইছিল নিয়ন্ত্ৰণ। অপৰিচিত দুৰ্যোগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰ্যাপ্ত প্ৰশিক্ষণৰ অভাৱৰ বাবে হেলিকপ্টাৰখনৰ পাইলটে সেইসময়ত সুৰক্ষিত লেন্ডিং কৰাব নোৱাৰিলে। ফলত মুহূৰ্ততে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা। চূৰ্ণবিচূৰ্ণ হৈ গৈছিল অতি অত্যাধুনিক আৰু সুৰিক্ষত হিচাপে বিবেচিত MI-17V5 হেলিকপ্টাৰখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...