বিৰোধীৰ প্ৰতিবাদী সভাক কেন্দ্ৰ কৰি দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৪ হাজাৰৰো অধিক আৰক্ষী; ৰামলীলা ময়দানত ২০০ৰো অধিক CCTV কেমেৰা, ড্ৰ’নযোগেও চলিব নিৰীক্ষণ

ৰামলীলা ময়দানক ১৪টা জ’নত বিভক্ত কৰা হৈছে। নিৰাপত্তাৰ দিশটো অধিক শক্তিশালী কৰাৰ বাবে স্থাপন কৰা হৈছে ২০০ৰো অধিক CCTV কেমেৰা।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত বিৰোধী দলসমূহে আহ্বান জনোৱা প্ৰতিবাদী সভাক কেন্দ্ৰ কৰি দিল্লীত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। শনিবাৰে নিশাৰ পৰাই ৰাজধানী চহৰখন কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আবৰি ৰখা হৈছে।

সূত্ৰ অনুসৰি, উক্ত সভাৰ নিৰাপত্তাৰ দায়িত্বত ৪ হাজাৰতকৈও অধিক আৰক্ষী কৰ্মী নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)-ৰ কেইবাটাও কোম্পানীও মোতায়েন কৰা হ’ব। আৰক্ষীৰ অনুমান অনুসৰি, এই জনসভাত প্ৰায় ৫০ হাজাৰ লোকৰ সমাগম হ’ব পাৰে।

জনসভাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰামলীলা ময়দানক ১৪টা জ’নত বিভক্ত কৰা হৈছে। প্ৰতিটো জ’নৰ দায়িত্বত থাকিব ACP পদমৰ্যাদাৰ এগৰাকী বিষয়া। সভাস্থলীলৈ যোৱাৰ নিৰ্দিষ্ট প্ৰৱেশপথসমূহত মেটেল ডিটেক্টৰৰ জৰিয়তে তালাচী চলোৱাৰ ব্যৱস্থাও কৰা হৈছে। নিৰাপত্তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ স্থাপন কৰা হৈছে ২০০ৰো অধিক CCTV কেমেৰা।

শনিবাৰে নিশাই দিল্লীৰ আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে মিন্টো ৰোড আৰু ৰামলীলা ময়দান পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। তেওঁৰ সৈতে উপস্থিত আছিল বিশেষ আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্তৰ লগতে মধ্য আৰু নতুন দিল্লীৰ উপ-আৰক্ষী আয়ুক্তসকলো।

জনসভাস্থলীত ড্ৰ’নৰ জৰিয়তেও নিৰীক্ষণ চলাব আৰক্ষীয়ে। আৰক্ষীৰ পোছাকতো সংলগ্ন কৰা হ’ব বিশেষ কেমেৰা। সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ ৰামলীলা ময়দানতে স্থাপন কৰা হৈছে এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ।

মিন্টো ব্ৰীজৰ পৰা ৰামলীলা ময়দানলৈকে সমগ্ৰ অঞ্চলটো কঠোৰ নিৰাপত্তা বেষ্টনীৰে আবৰি ৰখা হ’ব।

জনসভা অনুষ্ঠিত কৰাৰ বাবে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুমতি প্ৰদান কৰা হৈছে। যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ১৫০গৰাকী যান-বাহন আৰক্ষী কৰ্মী নিয়োজিত কৰা হ’ব।

প্ৰয়োজন অনুসৰি বিভিন্ন পথৰ যান-বাহনৰ দিশ সলনি কৰা হ’ব পাৰে অথবা যাতায়াতৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। অৱশ্যে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ চলাচল যাতে কোনো ধৰণে বাধাগ্ৰস্ত নহয়, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...