কলিয়াবৰত বাঘ ওলাইছে, বাঘ

এখন বিশাল চাহ বাগিছা, মনোমোহা অথচ জয়াল। দুই তিনিজন লোক সন্তৰ্পণে আহিছে বাগিছাখনলৈ। লগত আছে দুটা কুকুৰ। তেওঁলোকে হেৰোৱা কিবা এটাৰ সন্ধানত আহিছে। বাগিছাৰ মাজলৈ, কিছু নাতিদূৰৈত, জীৱনৰ শেষ ক্ষণ গণি ঢপঢপাই ঢপঢপাই পৰি আছে এটা জখম গৰু।

গৰুটোক বাঘে আক্ৰমণ কৰি থৈ গৈছে
কলিয়াবৰত বাঘ ওলাইছে, বাঘ
মানুহবোৰে জুমি জুমি চাইছে, সৌটো সৌটো!
দুটাকৈ বাঘৰ অৱস্থিতিয়ে শংকিত কৰিছে ৰাইজক

আপাৰ এংগল কেইবাটাও শ্বটত কেমেৰাত ধৰা পৰিছে বাঘৰ বিচৰণৰ দৃশ্য। দৃশ্য ভয় লগা, জয়াল। বনাঞ্চলৰ পৰা জনাকীৰ্ণ অঞ্চললৈ ওলাই আহি বাঘে খাদ্য বিচাৰিছে। ভোকত খঙাল আৰু ক্ষুধাত আতুৰ হৈ বাঘে আক্ৰমণ কৰিছে পশুধন। খেদি আহিছে মানুহকো। বাগিছাৰ সৰ্পিল পথেৰে কোনো চতুৰ চিকাৰীৰ দৰে আগবাঢ়িছে বাঘ। কেতিয়াবা জীৰাইছে। তৰিছে ৰণকৌশল। বাঘে গৰু লৈ যোৱা শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে স্থানীয় লোকে।

কলিয়াবৰত এনেকৈয়ে অব্যাহত আছে বাঘৰ আতংক। কলিয়াবৰ চাহ বাগিচাৰ সমীপবৰ্তী সোণাৰি-কামাখ্যা, নাম-কামাখ্যা আদি অঞ্চলত ঢেকীয়াপটীয়া বাঘৰ মুক্ত বিচৰণত ৰাইজ টোপনৱি যাব পৰা নাই। কি ঠিক! কেতিয়াকৈ বাঘে নিশাই আহি শোৱা পাটীৰ পৰা লৈ যা আপোনজন, চোঁচৰাই নিয়ে গোহালিৰ গৰু।

একেলগে দুটাকৈ বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰিছে স্থানীয় লোকৰ লগতে বন বিভাগৰ লোকে। শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা সোণাৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ আশে পাশে বাঘে মুক্ত বিচৰণ কৰি বাঘে ইতিমধ্যে কেইবাটাও পশুধন নিধন কৰিছে। শেহতীয়াভাৱে নাম কামাখ্যা গাঁৱত বাঘে গৃহস্থৰ চোতালৰ পৰাই ছাগলী লৈ যোৱাৰ উপৰি নিধন কৰিছে গোধন। বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে কলিয়াবৰ চাহ বাগিচাৰ লগতে পাৰ্শ্ববৰ্তী সোণাৰি-কামাখ্যা, নাম-কামাখ্যা অঞ্চলৰ ৰাইজ।

বাঘ দুটাক শীঘ্ৰে কৰায়ত্ত কৰি বনৰ বাঘ দুটাক বনলৈকে লৈ যাবলৈ বন বিভাগক অনুৰোধ জনাইছে ৰাইজে। ভয়-ভীতি আৰু অনিশ্চয়তাৰ মাজৰেই ইগাঁও সিগাঁও বিয়পি পৰিছে সেই কথা। কলিয়াবৰত বাঘ ওলাইছে বাঘ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...