কলিয়াবৰত বাঘ ওলাইছে, বাঘ

এখন বিশাল চাহ বাগিছা, মনোমোহা অথচ জয়াল। দুই তিনিজন লোক সন্তৰ্পণে আহিছে বাগিছাখনলৈ। লগত আছে দুটা কুকুৰ। তেওঁলোকে হেৰোৱা কিবা এটাৰ সন্ধানত আহিছে। বাগিছাৰ মাজলৈ, কিছু নাতিদূৰৈত, জীৱনৰ শেষ ক্ষণ গণি ঢপঢপাই ঢপঢপাই পৰি আছে এটা জখম গৰু।

গৰুটোক বাঘে আক্ৰমণ কৰি থৈ গৈছে
কলিয়াবৰত বাঘ ওলাইছে, বাঘ
মানুহবোৰে জুমি জুমি চাইছে, সৌটো সৌটো!
দুটাকৈ বাঘৰ অৱস্থিতিয়ে শংকিত কৰিছে ৰাইজক

আপাৰ এংগল কেইবাটাও শ্বটত কেমেৰাত ধৰা পৰিছে বাঘৰ বিচৰণৰ দৃশ্য। দৃশ্য ভয় লগা, জয়াল। বনাঞ্চলৰ পৰা জনাকীৰ্ণ অঞ্চললৈ ওলাই আহি বাঘে খাদ্য বিচাৰিছে। ভোকত খঙাল আৰু ক্ষুধাত আতুৰ হৈ বাঘে আক্ৰমণ কৰিছে পশুধন। খেদি আহিছে মানুহকো। বাগিছাৰ সৰ্পিল পথেৰে কোনো চতুৰ চিকাৰীৰ দৰে আগবাঢ়িছে বাঘ। কেতিয়াবা জীৰাইছে। তৰিছে ৰণকৌশল। বাঘে গৰু লৈ যোৱা শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে স্থানীয় লোকে।

কলিয়াবৰত এনেকৈয়ে অব্যাহত আছে বাঘৰ আতংক। কলিয়াবৰ চাহ বাগিচাৰ সমীপবৰ্তী সোণাৰি-কামাখ্যা, নাম-কামাখ্যা আদি অঞ্চলত ঢেকীয়াপটীয়া বাঘৰ মুক্ত বিচৰণত ৰাইজ টোপনৱি যাব পৰা নাই। কি ঠিক! কেতিয়াকৈ বাঘে নিশাই আহি শোৱা পাটীৰ পৰা লৈ যা আপোনজন, চোঁচৰাই নিয়ে গোহালিৰ গৰু।

একেলগে দুটাকৈ বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰিছে স্থানীয় লোকৰ লগতে বন বিভাগৰ লোকে। শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা সোণাৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ আশে পাশে বাঘে মুক্ত বিচৰণ কৰি বাঘে ইতিমধ্যে কেইবাটাও পশুধন নিধন কৰিছে। শেহতীয়াভাৱে নাম কামাখ্যা গাঁৱত বাঘে গৃহস্থৰ চোতালৰ পৰাই ছাগলী লৈ যোৱাৰ উপৰি নিধন কৰিছে গোধন। বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে কলিয়াবৰ চাহ বাগিচাৰ লগতে পাৰ্শ্ববৰ্তী সোণাৰি-কামাখ্যা, নাম-কামাখ্যা অঞ্চলৰ ৰাইজ।

বাঘ দুটাক শীঘ্ৰে কৰায়ত্ত কৰি বনৰ বাঘ দুটাক বনলৈকে লৈ যাবলৈ বন বিভাগক অনুৰোধ জনাইছে ৰাইজে। ভয়-ভীতি আৰু অনিশ্চয়তাৰ মাজৰেই ইগাঁও সিগাঁও বিয়পি পৰিছে সেই কথা। কলিয়াবৰত বাঘ ওলাইছে বাঘ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...