৩ শিক্ষকে অপহৰণ কৰিলে পৰীক্ষা দিবলৈ যোৱা শিক্ষার্থীক

উত্তৰ প্ৰদেশৰ বালিয়াত সংঘটিত হৈছে এক শিহৰণকাৰী অপহৰণ কাণ্ড। ৰাজ্যখনৰ এখন কনভেন্ট বিদ্যালয়ৰ তিনিগৰাকী শিক্ষকে দশম শ্ৰেণীৰ শিক্ষার্থীক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হয়। যোৱা ২৫ ফেব্রুৱাৰীত ১৬ বছৰীয়া শিক্ষার্থীগৰাকীয়ে পৰীক্ষা দিবলৈ ঘৰৰ পৰা ৰাওনা হোৱাৰ পাছত বাটত তেওঁক অপহৰণ কৰা হয়। অভিযোগ অনুসৰি বিদ্যালয়খনৰ এগৰাকী প্রাক্তন শিক্ষকে দুগৰাকী শিক্ষকৰ সহায়ত এই অপহৰণ কাণ্ড সংঘটিত কৰে। যোৱা ২৫ ফেব্ৰুৱাৰীত পৰীক্ষা দিবলৈ যোৱা শিক্ষার্থীগৰাকীক বহু বিচাৰ-খোচাৰ কৰাৰ পাছতো সম্ভেদ নোপোৱাত আৰক্ষীক অভিযোগ দাখিল কৰা হয়। অনুসন্ধানকালত পোহৰলৈ অহা মতে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক অজয় চৌহাতে আন দুগৰাকী শিক্ষক প্রিয়াংশু আৰু সন্দিপৰ সহযোগত অপহৰণ কাণ্ড সংঘটিত কৰে। অৱশ্যে, শিক্ষার্থীগৰাকীৰ অপহৰণৰ কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...