দৰিদ্র সীমাৰেখাৰ ওপৰৰসকলে এতিয়া ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা ব্যৱস্থাৱলী পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ডৰ সুবিধা গ্রহণ কৰি থকা দৰিদ্র সীমাৰেখাৰ ওপৰৰ সকলাে হিতাধিকাৰীৰে ৰেচন কার্ড ঘূৰাই লােৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগক মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ২৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগ, সমবায় বিভাগ তথা সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা সমগ্ৰ ব্যৱস্থাৱলীৰ বুজ লয়। বৈঠকৰ আৰম্ভণিতে এই সম্বন্ধীয় বিভিন্ন দিশ সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্রহণ কৰি থকা দৰিদ্র সীমাৰেখাৰ ওপৰৰ সকলাে হিতাধিকাৰীৰে এই কার্ড ঘূৰাই লােৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্রমা বিভাগক নির্দেশ দিয়ে। তেওঁ কয় যে, এই পদক্ষেপৰ দ্বাৰা দৰিদ্ৰ হিতাধিকাৰীসকল উপকৃত হ’ব। সকলাে সুলভ মূল্যৰ সামগ্ৰীৰ দোকানে যাতে প্রতি কুইণ্টল সামগ্ৰীৰ পৰিবহন ব্যয়ৰ বাবদ ১৪৩ টকাকৈ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগক এই সম্পর্কীয় বিধি সংশােধনৰ পদক্ষেপ গ্রহণৰ বাবেও তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগে এতিয়াৰে পৰা গাওঁ পঞ্চায়ত সমবায় সমিতিসমূহক প্রদানৰ বাবে বাজেটৰ পৰা নির্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব। বৈঠকত খাদ্য সামগ্ৰীৰ পৰিবহন ব্যয় হ্রাসৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যথাযথ ৰূপায়ণৰ সুবিধার্থে এতিয়াৰে পৰা সমবায় সমিতিসমূহে সকলাে দিশত পর্যবেক্ষক তথা নিৰীক্ষকৰ ভূমিকা গ্রহণ কৰিব লাগিব। ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ বাবেও আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। আজিৰ এই বৈঠকত কৃষি, সমবায় ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, খাদ্য আৰু অসামৰিক যােগান তথা গ্রাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি আৰ চামাল, সমবায় বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মণি সিং, সমবায় সমিতিসমূহৰ পঞ্জীয়ক মনােজ কুমাৰকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

UCC কাৰ্যকৰী হোৱা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য, কি এই অভিন্ন দেৱানী বিধি?

উত্তৰাখণ্ডত কাৰ্যকৰী হ’ল UCC অৰ্থাৎ অভিন্ন দেৱানী বিধি। সোমবাৰে...

আছুৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন, উপ সভাপতি চৰ্জুন হাঞ্চে…সমীৰণ ফুকনৰ নজনা ১০টা কথা

সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন।...

পদ্মভূষণ সন্মানেৰে বিভূষিত যশস্বী সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পদ্মভূষণ সম্মানেৰে বিভূষিত যশস্বী...

ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত...