দেখা নাপাই আৰক্ষীয়ে! এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তৰিলে গোচৰ

পাচঁ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে নিদ্ৰা হৰণ কৰিছে ধিঙৰ টুকটুকীবাসীক। আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবেই ধ্বংসৰ গৰাহত যুৱ প্রজন্ম। চিন্তিত ৰাইজে উপায়বিহীন হৈ আহোম গাঁও উপ আৰক্ষী চকীত ৰাইজে দাখিল কৰিলে এজাহাৰ। এজাহাৰ দাখিলৰ ২০ দিন পাৰ হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। ক্ষুব্ধ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া টুকটুকি অঞ্চলত আৰক্ষীৰ নীৰৱ ভূমিকাৰ বাবেই মুকলিমূৰীয়াকৈ নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ। অভিযুক্ত সৰবৰাহকাৰীকেইটা বাহাৰুল ইছলাম, ৰফিকুল ইছলাম, ছাদ্দাম হুছেইন, নাচিমুল আৰু জিয়াবুৰ ৰহমান। যি সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ঠিক সেই সময়তে একাংশ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক ৰক্ষনাবেক্ষণ দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...