দেখা নাপাই আৰক্ষীয়ে! এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তৰিলে গোচৰ

পাচঁ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে নিদ্ৰা হৰণ কৰিছে ধিঙৰ টুকটুকীবাসীক। আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাবেই ধ্বংসৰ গৰাহত যুৱ প্রজন্ম। চিন্তিত ৰাইজে উপায়বিহীন হৈ আহোম গাঁও উপ আৰক্ষী চকীত ৰাইজে দাখিল কৰিলে এজাহাৰ। এজাহাৰ দাখিলৰ ২০ দিন পাৰ হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। ক্ষুব্ধ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া টুকটুকি অঞ্চলত আৰক্ষীৰ নীৰৱ ভূমিকাৰ বাবেই মুকলিমূৰীয়াকৈ নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ। অভিযুক্ত সৰবৰাহকাৰীকেইটা বাহাৰুল ইছলাম, ৰফিকুল ইছলাম, ছাদ্দাম হুছেইন, নাচিমুল আৰু জিয়াবুৰ ৰহমান। যি সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ঠিক সেই সময়তে একাংশ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক ৰক্ষনাবেক্ষণ দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...