আন্ধাৰত ডুব গৈছে এই অঞ্চল; ২ মাহ পৰ্যন্ত নাপাব সূৰ্যৰ পোহৰ

পৃথিৱীৰ এনে এখন ঠাই আছে যি বৰ্তমান আন্ধাৰত ডুব গৈছে। ৬৪ দিন পোহৰ নপৰিব সেই ঠাইত। আমেৰিকাৰ এইখন চহৰ কেইবামাহৰ বাবে অন্ধকাৰত ডুব গৈছে। আলাস্কাৰ উটকিয়াগভিকৰ বাসিন্দাসকলে অহা ৬৪ দিনলৈ সূৰ্যৰ পোহৰ দেখা নাপাব।

পৃথিৱীৰ অক্ষ হেলনীয়া হোৱাৰ ফলত সৃষ্টি হোৱা মেৰু ৰাতিৰ বাবে ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে চহৰখনে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ নাপাব। আৰু ২০২৬চনৰ ২২ জানুৱাৰীলৈকে চহৰখন আন্ধাৰত থাকিব।

ফেয়াৰবেংকছৰ পৰা প্ৰায় ৫০০ মাইল উত্তৰ-পশ্চিমে অৱস্থিত উটকিয়াগভিকত প্ৰায় ৪৪০০ লোকে বাস কৰে। পূৰ্বতে বেৰ’ নামেৰে জনাজাত উটকিয়াগভিক আলাস্কাৰ উত্তৰ ঢালত আৰ্কটিক মহাসাগৰৰ ওচৰত অৱস্থিত। যদিও চহৰখন দীৰ্ঘদিন ধৰি আন্ধাৰত থাকিব, তথাপিও সম্পূৰ্ণ অন্ধকাৰ নহয়।

বাসিন্দাসকলে প্ৰতিদিনে কেইঘণ্টামান গধূলিৰ অভিজ্ঞতা লাভ কৰিব— সাধাৰণতে সূৰ্য উদয়ৰ আগতে দেখা পোৱা ক্ষীণ নীলা পোহৰ দেখা পাব। এই সময়ছোৱাত চহৰখনৰ উষ্ণতা দ্ৰুতগতিত হ্ৰাস পাব।

প্ৰতি বছৰে প্ৰায় দুমাহ ধৰি সূৰ্য দিগন্তৰ তলত থাকিলে এই পৰিঘটনা ঘটে। ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ অক্ষ ২৩.৫ ডিগ্ৰী হেলনীয়া। ফলস্বৰূপে ২৩.৫ ডিগ্ৰী উত্তৰ মেৰুৰ ভিতৰৰ অঞ্চলসমূহে পৃথিৱীৰ অৱস্থানৰ বাবে শীতকালত সূৰ্যৰ পোহৰ লাভ কৰিব নোৱাৰে বুলি দ্য ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰিছে।

উটকিয়াগভিক উত্তৰ অক্ষাংশ ৭১.১৭ ডিগ্ৰীত অৱস্থিত, অৰ্থাৎ ই সম্পূৰ্ণৰূপে আৰ্কটিক বৃত্তৰ ভিতৰত পৰে। এবাৰ সূৰ্য অস্ত গ’লে মাহৰ পিছত মাহ ধৰি পুনৰ উদয় নহয়, যাৰ ফলত ঠাণ্ডা জলবায়ুৰ সৃষ্টি হয়। ইয়াত দিনৰ প্ৰায় এক চতুৰ্থাংশ তাপমাত্ৰা শূন্য ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি নহয়।

শীতকালত উটকিয়াগভিকে ৬০ দিনতকৈ অধিক সময় আন্ধাৰ অনুভৱ কৰাৰ বিপৰীতে গ্ৰীষ্মকালত চহৰখনে প্ৰায় তিনিমাহ ধৰি অবিৰত ৰ’দ উপভোগ কৰে। এই কঠোৰ বতৰৰ লগত খাপ খাই পৰিছে ঠাইখনৰ বাসিন্দাসকল, সূৰ্যৰ পোহৰৰ অভাৱৰ পিছতো জীৱনযাত্ৰা স্বাভাৱিকভাৱে অব্যাহত থাকে। চহৰখনত পৰৱৰ্তী সূৰ্য উদয় ২০২৬ চনৰ ২৬ জানুৱাৰীত হ’ব, য’ত মেৰু ৰাতিৰ অন্ত পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...