গুৱাহাটী, ৩ জুলাই, NKTV: ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে। মঙলবাৰে এই তাৎপর্যপূৰ্ণ মন্তব্য কৰিলে AIIMS দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই। ক’ভিডৰ তৃতীয় ঢৌ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰে যে, ভাৰতবাসীয়ে সাৱধানতা অৱলম্বন কৰাৰ লগতে দেশবাসীয়ে সময়মতে ভেকচিন গ্ৰহণ কৰিলে ভাৰতবাসীয়ে ক’ভিডৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাব।
ক’ভিড-১৯ত আক্ৰান্ত দেশৰ সক্ৰিয় ৰোগী সকলক ড০ গুলেৰিয়াই পৰামৰ্শও দিয়ে।
“ঘটনাবোৰ হ্ৰাস পাইছে কিন্তু কিছুমান ঠাইত এতিয়াও সংক্ৰমণৰ হাৰ উচ্চ, আমি সেই ঠাইবোৰত সমস্যাটো সক্ৰিয় ভাৱে সমাধান কৰিব লাগিব, ডাঃ গুলেৰিয়াই কয়।