জুন মাহত দিল্লীত ১৯ হাজাৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰী; ২০২০ বৰ্ষৰ দুগুণ!

গুৱাহাটী, ৩ জুলাই, NKTV: দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ। যদিও বৰ্তমানেও দেশৰ ৰাজধানী নতুন দিল্লীত মৃত্যুৰ পঞ্জীয়ন হ্ৰাস পোৱা নাই। চহৰখনৰ তিনিটা পৌৰ নিগমৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জুন মাহত ১১,৬৪২ জনৰ বিপৰীতে ২০২১ চনৰ জুন মাহত ১৯,৩৬৬খন মৃত্যুৰ প্ৰমাণপত্ৰ জাৰী কৰা হৈছিল।

এই বছৰৰ এপ্ৰিল, মে’ আৰু জুনৰ বাবে মৃত্যুৰ প্ৰমাণপত্ৰৰ মুঠ সংখ্যাই ৫৮,৮৩৯ৰ সীমা স্পৰ্শ কৰিছে। এই সংখ্যাটোত নতুন দিল্লী পৌৰ পৰিষদ আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড অঞ্চলত জাৰী কৰা মৃত্যুৰ প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত নহয়। জনস্বাস্থ্য বিভাগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি উত্তৰ নিগমে এই মাহৰ জুন মাহত ১০,৭১৫ খন প্ৰমাণপত্ৰ, দক্ষিণ নিগমে ৬,৮৩২ খন আৰু পূব নিগমে ১,৮১৯ খন প্ৰমাণপত্ৰ জাৰী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...