“Pogonotrophy”: শশী থাৰুৰে শিকিলে নতুন শব্দ, প্ৰধানমন্ত্ৰীক কৰিলে বিদ্ৰুপ!

গুৱাহাটী, ৩ জুলাই, NKTV: ইংৰাজীত ব্যতিক্ৰমী বাকশৈলীৰে জনসাধাৰণক মোহাচ্ছন্ন কৰা কংগ্ৰেছ নেতা শশী থাৰুৰে শিকিছে এটা নতুন ইংৰাজী শব্দ। সততে খুব কম ব্যৱহাৰ হোৱা শব্দটো শিকিয়েই প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ঠাট্টা কৰিলে নেতা গৰাকীয়ে। থাৰুৰে তেওঁৰ টুইটটোত এনে কি শব্দ ব্যৱহাৰ কৰিলে, যাৰ প্ৰচলন খুবেই কম?

খুব কম ব্যৱহৃত ইংৰাজী শব্দৰ প্ৰতি থকা আগ্ৰহৰ বাবে পৰিচিত কংগ্ৰেছ নেতা শশী থাৰুৰে শুকুৰবাৰে টুইটাৰত এক নতুন শব্দ ব্যৱহাৰ কৰি এটা টুইট কৰিলে। থাৰুৰে টুইটটোত কয় যে তেওঁ এটা ইংৰাজী নতুন শব্দ শিকিছে। আৰু শব্দটো হ’ল-  Pogonotrophy। যাৰ অৰ্থ হৈছে – দাড়িৰ খেতি। অৱশ্যে, থাৰুৰে এই শব্দটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্পষ্টভাৱে বিদ্ৰূপ কৰিবলৈহে ব্যৱহাৰ কৰিছিল। ড০ প্ৰিয়া আনন্দ নামৰ এগৰাকী অনুৰাগীয়ে থাৰুৰক টুইটযোগে জনাইছিল যে তেওঁ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী গৰাকীৰ পৰা এটা নতুন শব্দ শিকিবলৈ বিচাৰে। আৰু ইয়াৰ পিছতেই থাৰুৰে টুইটটোৰ উত্তৰত লিখিছিল- “মোৰ বন্ধু অৰ্থনীতিবিদ ৰথিন ৰয়ে মোক আজি এটা নতুন শব্দ শিকাইছিল: আৰু সেই শব্দটো হ’ল পোগোনোট্ৰফী, যাৰ অৰ্থ হৈছে “দাড়িৰ খেতি”। যেনেকৈ, প্ৰধানমন্ত্ৰীৰ পোগোনোট্ৰফী হৈছে এক মহামাৰীৰ ব্যস্ততা…,” তেওঁ টুইটটোত কয়।

থাৰুৰৰ এই টুইটটোৱে সকলোকে অবাক কৰি তুলিছিল। আৰু বহুতে টুইটটোৰ কমেন্ট বক্সত লিখিছিল- “যদি বিশ্বৰ অক্সফৰ্ড অভিধান আছে তেন্তে ভাৰতৰ থাৰুৰ অভিধান কিয় নাই?” আন এজন অনুৰাগীয়ে এইবুলিও কয়, “থাৰুৰিক্সনেৰীৰ পৰা এই শব্দটো শ্বেয়াৰ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।” অৱশ্যে, ইয়াৰ পূৰ্বেও থাৰুৰে ইংৰাজী অভিধানত সন্নিৱিষ্ট খুব কম ব্যৱহৃত ইংৰাজী শব্দবোৰ টুইটত ব্যৱহাৰ কৰিছিল আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...