অসম দেশৰ বিষম কথা…কাপোৰৰ দোকানত চোৰে নতুন কাপোৰ পিন্ধি পেলাই থৈ গ’ল লেতেৰা ড্ৰেছ!

মৰিগাঁও সদৰ থানাৰ নিচেই কাষতে এইবাৰ চোৰৰ চাফাই অভিযান। মৰিগাঁও চহৰৰ চুপাৰ মাৰ্কেটত নিশা চোৰৰ তাণ্ডৱ। এখন, দুখন নহয় পাঁচখনকৈ দোকানত চোৰে চলালে চাফাই। উল্লেখ্য যে আটাইকেইখন দোকানৰ টিন ফুটা কৰি প্ৰৱেশ কৰিছিল চুৰ। মোবাইলৰ লগতে কাপোৰৰ দোকানত চোৰে চলালে লুটপাত। কেৱল সেয়াই নহয় কাপোৰৰ দোকানত সোমাই পুৰণি কাপোৰ সলাই চোৰে পিন্ধি গল নতুন কাপোৰ। পুৱা দোকান খোলাৰ পিছতহে পোহৰলৈ আহিল এই চুৰিকাণ্ড। আনফালে মৰিগাঁও সদৰ থানাৰ পৰা প্ৰায় ২০০মিটাৰ নিলগতে হোৱা এই চুৰিকাণ্ডই এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...