এইবাৰৰ বিশ্বকাপত ব্যৱহাৰ হৈছে এই ৯টা বিশেষ ল’গ’

ভাৰতত অনুষ্ঠিত হৈ আছে ICC ক্ৰিকেট বিশ্বকাপ ২০২৩। ১৯৭৫ চনত আৰম্ভ হোৱা এই এদিনীয়া বিশ্বকাপৰ এক সমৃদ্ধ ইতিহাস আছে। কিন্তু আপুনি জানেনে ভাৰতত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ সংস্কৰণৰ তাৎপৰ্য কি? বিশ্বকাপ বুলি খেল প্ৰায় সকলো অনুৰাগীয়ে চাইছে। কিন্তু বিশ্বকাপৰ ষ্টেডিয়াম থকা ল’গো সমূহ আপুনি মন কৰিছে নে? এইবাৰৰ বিশ্বকাপত ব্যৱহাৰ হৈছে এই ৯টা বিশেষ ল’গ’।

ভাৰত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপত ব্যৱহাৰ হোৱা এই ৯টা ল’গ’ৰ আছে বিশেষ তাৎপৰ্য। ICCয়ে এই ৯টা ল’গোক নাম দিছে ‘নৱৰাচা’ হিচাপে। যিটো ক্ৰিকেটৰ প্ৰেক্ষাপটত ‘নটা আৱেগ’ দেখুৱাবলৈ ব্যৱহাৰ কৰা হৈছে। এই যে ল’গ’তো দেখিছে, এইটো হৈছে বিশ্বকাপত ব্যৱাহাৰ হোৱা প্ৰথমটো ল’গ’। ইয়াক নাম দিয়া হৈছে ‘JOY’…অৰ্থাৎ আনন্দ

এই প্ৰতীকটো বা ল’গোটো অনুৰাগীসকলে অনুভৱ কৰা আনন্দ মূৰ্তক প্ৰতিনিধিত্ব কৰিছে। যেতিয়া এজন সৰ্মথকৰ সৰ্মথন কৰা দলটো বা খেলুৱৈ এজনে এটা গুৰুত্বপূৰ্ণ জয় বা শতক অৰ্জন কৰিবলৈ সক্ষম হয় তেতিয়া এই প্ৰতীকটোৱে প্ৰতিনিধিত্ব কৰে। আনহাতে এই ল’গোটোৰ নাম হৈছে POWER…অৰ্থাৎ শক্তি

এই প্ৰতীকটোৱে বা ল’গ’টো এজন ক্ৰিকেটাৰৰ ছয় অৰ্জন কৰাত ব্যৱাহাৰ কৰা হয়। ইপিনে, এই ল’গোটোৰ নাম হৈছে RESPECT…অৰ্থাৎ সন্মান

এই ল’গ’টোৱে অনুৰাগীসকলৰ উমৈহতীয়া আৱেগক প্ৰতিনিধিত্ব কৰে। লগতে সেইসকল ক্ৰিকেটাৰক প্ৰতিনিধিত্ব কৰে যিয়ে নিজৰ দেশৰ বাবে সকলো উজাৰি দিয়ে। আনহাতে, এই ল’গ’টোৰ নাম হৈছে – PRIDE…অৰ্থাৎ গৌৰৱ

এই ল’গ’টোৱে নিজৰ দেশৰ হৈ খেলাৰ গৌৰৱৰ প্ৰতিনিধিত্ব কৰে। ইপিনে, এই ল’গ’টোৰ নাম হৈছে – BRAVERY…অৰ্থাৎ সাহসিকতা

এই ল’গ’টোৱে শাৰীৰিকভাৱে বাধাগ্ৰস্ত হোৱা স্বত্বেও এজন খেলুৱৈয়ে তেওঁৰ দলৰ হৈ খেলিবলৈ সমৰ্পণ কৰাৰ দ্বাৰা সাহসিকতাৰ কাৰ্যক প্ৰতিনিধিত্ব কৰে। আনহাতে, এই ল’গ’টোৰ নাম হৈছে GLORY…অৰ্থাৎ সফলতা অৰ্জন কৰা

এই ল’গ’টোৱে বিশ্বকাপ খিতাপ জয় কৰা আৰু চূড়ান্ত গৌৰৱত উপনীত হোৱা আৱেগক প্ৰতিনিধিত্ব কৰে। ইপিনে, এই ল’গোটোৰ নাম হৈছে WONDER…অৰ্থাৎ আশ্চৰ্য

এই ল’গ’টোৱে বিশ্বকাপত ঘটা আশ্চৰ্যজনক আৰু অপ্ৰত্যাশিত অঘটনাবোৰক প্ৰতিনিধিত্ব কৰে। আনহাতে এই ল’গোটোৰ নাম হৈছে PASSION…অৰ্থাৎ আৱেগ

এই ল’গ’টোৱে খেলৰ প্ৰতিজন অনুৰাগী, খেলুৱৈৰ ক্ৰিকেটৰ প্ৰতি প্ৰেম বা আৱেগক প্ৰতিনিধিত্ব কৰিছে। ইপিনে, অন্তিম ল’গোটো চিহ্নিত কৰিছে ANGUISH…অৰ্থাৎ ক্ষোভ/বেদনা

শেষৰ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক প্ৰতীকটো বা ল’গ’টোৱে চিহ্নিত কৰিছে অনুৰাগীসলৰ বেদনা। যেতিয়া আপোনাৰ প্ৰিয় দলটো পৰাস্ত তেতিয়া আপুনি কৰা অনুভৱক প্ৰতিনিধিত্ব কৰে। এইসমূহেই হৈছে ICC ক্ৰিকেট বিশ্বকাপত ব্যৱহাৰ হোৱা ৯টা ল’গ’ৰ তাৎপৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...