সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩

সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩
মিচিং অলিম্পিকত বিকাশ ঘটিল বহু সুপ্ত প্ৰতিভাৰ
মিচিং সমাজৰ সম্ভাৱনাক মঞ্চ দিয়াৰ বিনম্ৰ প্ৰয়াস
TMPKক উচ্চ প্ৰশংসা সদৌ অসম ছাত্ৰ সন্থাৰ

বুধবাৰৰ পৰা জোনাই খেলপথাৰত অনু্ষ্ঠিত হোৱা মিচিং অলিম্পিক ২০২৩ৰ শুকুৰবাৰে সামৰণি পৰিল। বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।

মিচিং সমাজৰ পৰা সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্য
অসমৰ ১৫ খন সাংগঠনিক জিলাৰ ১৬শ খেলুৱৈৰ অংশগ্রহণ

মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল প’ল’ গ্ৰাউণ্ড পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। খেলুৱৈৰ অংশগ্ৰহণ আৰু ৰাইজৰ সহাৰিত উৎফুল্লিত উদ্যোক্তা TMPK। সামৰণি অনুষ্ঠানত ভাগ লোৱা ড০ সমুজ্জ্বল ভট্টাচাৰ্যয়ো প্ৰশংসা কৰিলে TMPKৰ এই আন্তৰিক প্ৰচেষ্ঠাক। এই প্ৰতিযোগিতাখন প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লৈছে উদ্যোক্তাই

২০২৪ত অক্টোবৰত চিলাপথাৰৰ চিচিটঙানীত অনুষ্ঠিত হব দ্বিতীয় মিচিং অলিম্পিক

প্ৰথম মিচিং অলিম্পিকত মাজুলী জিলাই অৰ্জন কৰে শ্ৰেষ্ঠত্ব
১১ সোণ, ৬টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৪ টা পদকেৰে শীৰ্ষত মাজুলী
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎফুল্লিত অংশগ্ৰহণকাৰী


ইফালে, সমুজ্জ্ব ভট্টাচাৰ্যৰ লগতে সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ভূবন পেগুৱে উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হীমা দাস উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ , ১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...