সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩

সামৰণি পৰিল মিচিং অলিম্পিক ২০২৩
মিচিং অলিম্পিকত বিকাশ ঘটিল বহু সুপ্ত প্ৰতিভাৰ
মিচিং সমাজৰ সম্ভাৱনাক মঞ্চ দিয়াৰ বিনম্ৰ প্ৰয়াস
TMPKক উচ্চ প্ৰশংসা সদৌ অসম ছাত্ৰ সন্থাৰ

বুধবাৰৰ পৰা জোনাই খেলপথাৰত অনু্ষ্ঠিত হোৱা মিচিং অলিম্পিক ২০২৩ৰ শুকুৰবাৰে সামৰণি পৰিল। বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।

মিচিং সমাজৰ পৰা সুদক্ষ খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্য
অসমৰ ১৫ খন সাংগঠনিক জিলাৰ ১৬শ খেলুৱৈৰ অংশগ্রহণ

মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কিছু খেল সংযোজন কৰি মুঠ ১২ টা খেল প’ল’ গ্ৰাউণ্ড পবা খেলপথাৰ আৰু মুৰ্কংচেলেক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। খেলুৱৈৰ অংশগ্ৰহণ আৰু ৰাইজৰ সহাৰিত উৎফুল্লিত উদ্যোক্তা TMPK। সামৰণি অনুষ্ঠানত ভাগ লোৱা ড০ সমুজ্জ্বল ভট্টাচাৰ্যয়ো প্ৰশংসা কৰিলে TMPKৰ এই আন্তৰিক প্ৰচেষ্ঠাক। এই প্ৰতিযোগিতাখন প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লৈছে উদ্যোক্তাই

২০২৪ত অক্টোবৰত চিলাপথাৰৰ চিচিটঙানীত অনুষ্ঠিত হব দ্বিতীয় মিচিং অলিম্পিক

প্ৰথম মিচিং অলিম্পিকত মাজুলী জিলাই অৰ্জন কৰে শ্ৰেষ্ঠত্ব
১১ সোণ, ৬টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৪ টা পদকেৰে শীৰ্ষত মাজুলী
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎফুল্লিত অংশগ্ৰহণকাৰী


ইফালে, সমুজ্জ্ব ভট্টাচাৰ্যৰ লগতে সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ভূবন পেগুৱে উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হীমা দাস উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

10 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...