বিতৰ্কিত আইনখন বাতিল নকৰিলে ঈদৰ পিছত হ’ব ডাঙৰ আন্দোলন!

বিতৰ্কিত আইনখন বাতিল নকৰিলে জোৰদাৰ আন্দোলনত নামিব। মুহাম্মদ ইউনূছৰ চৰকাৰক এই কথা স্পষ্ট কৰি দিছে বাংলাদেশৰ চৰকাৰী কৰ্মচাৰীসকলে। সোমবাৰে অন্তৰ্ৱৰ্তী চৰকাৰৰ দুজন উপদেষ্টাক স্মাৰকলিপি প্ৰদান কৰিছে বাংলাদেশৰ বিভিন্ন দফতৰৰ কৰ্মচাৰীসকলে। তাত উল্লেখ কৰা হৈছে যে, বিতৰ্কিত আইনখন বাতিল নকৰিলে ঈদৰ পিছত দেশজুৰি চৰকাৰী কৰ্মচাৰীসকলে বৃহৎ আন্দোলনৰ পথত খোজ দিব।

সোমবাৰে বিক্ষোভ সমাৱেশৰ পিছত আন্দোলনকাৰী চৰকাৰী কৰ্মচাৰীসকলে অন্তৰ্ৱৰ্তী চৰকাৰৰ প্ৰতিনিধিক এই স্মাৰকলিপি জমা দিয়ে। আন্দোলনকাৰীসকলে একেটা দাবীৰে মঙলবাৰে ইউনূছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ছালেহউদ্দিন আহমেদ আৰু আইন উপদেষ্টা আছিফ নজৰুলৰ ওচৰতো স্মাৰকলিপি জমা দিব।

কিন্তু চৰকাৰৰ বিৰুদ্ধে কিয় আন্দোলনত নামিছে বাংলাদেশৰ চৰকাৰী কৰ্মচাৰীসকল? ইয়াৰ আঁৰত আছে ইউনূছ চৰকাৰৰ এটা সিদ্ধান্ত। সম্প্ৰতি শ্বেখ হাছিনাৰ আমোলৰ ‘চৰকাৰী চাকৰি আইন, ২০১৮’ সংশোধন কৰিছে অন্তৰ্ৱৰ্তী চৰকাৰে। বিগত ২২ মে’ত অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টা পৰিষদৰ বৈঠকত চৰকাৰী চাকৰি সংক্ৰান্তীয় আইনৰ সংশোধিত অধ্যাদেশ (অৰ্ডিনেন্স)ৰ খচৰা অনুমোদিত হয়। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে দেশখনৰ চৰকাৰী কৰ্মীৰ এটা বৃহৎ অংশ আন্দোলনত নামিছে। আন্দোলনৰ মাজতে ২৫ মে’ত নতুন অধ্যাদেশ কাৰ্যকৰী কৰাৰ বিজ্ঞপ্তি প্ৰকাশ কৰা হয়। তাৰ পিছত আন্দোলনৰ গতি আৰু তীব্ৰতৰ হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...