সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যুদ্ধৰ শংখনিনাদ

সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যেন এখন যুদ্ধহে লাগিল। এজন লোকে এগৰাকী মহিলাক চুলিত ধৰি টনা আঁজোৰা কৰিলে। কিন্তু কিয়? কি কৰিলে মহিলাগৰাকীয়ে? কিহৰ ইমান ক্ষোভ! আচলতে ক্ষোভ নে দুখ এইজন লোকৰ?
…………………………………….
সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যুদ্ধৰ শংখনিনাদ
শিক্ষক পতিয়ে চুলিত ধৰি টানিলে শিক্ষয়িত্ৰী পত্নীক
কিন্তু কিয়? কি কৰিলে এইগৰাকী পত্নীয়ে?
পৰকীয়া প্ৰেম কৰাৰ বাবেই চুলিত ধৰিছিল পত্নীক
টনা-আজোঁৰাতেই নেন’ গাড়ী লৈ পলাল প্ৰেমিক

পলাল মানে সাৰি গ’ল নেন’ গাড়ীৰ মালিক। এতিয়া কি কৰা যায় বৈবাহিক জীৱনৰ বিশ্বাসক ভাঙি চূড়মাৰ কৰা এইগৰাকী পত্নীক। উপায়হীন হৈ চুবুৰীয়া ল’ৰাকেইটাকে দুখৰ কথা ক’লে শিক্ষক পতিয়ে।
‘চা বাবু চা, মোক বৰ বেয়াকৈ মাৰিলে’

সোণাৰিৰ ৰাজপথত দুই শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত দেখা গল এই হতাহতি। চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে শিক্ষক পতিয়ে চুলিত ধৰি আঁজুৰিলে শিক্ষয়িত্ৰী পত্নীক। শিক্ষয়িত্ৰী পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল এই ঘটনাটো। ইফালে পতি-পত্নীৰ কাজিয়া দেখি এইদৰেই নেন’ গাড়ী লৈ পলায়ন কৰিলে অবৈধ প্ৰেমিকজনে। প্ৰত্যক্ষদৰ্শীৰ মতে ইয়াৰ পূৰ্বেও সোণাৰিৰ ৰাজপথত এইহাল পতি-পত্নীৰ কাজিয়া দেখা গৈছিল। জীৱনে কাক কলৈ লৈ যায় কোনেও নাজনে। গতিকে নিজৰ প্ৰিয়জনক সুখত ৰাখক। সমাজখন অসুখী। কাৰ ক’ত কেতিয়া মন পিছলে কোনে জানে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...