সোমবাৰে উত্তপ্ত হৈ পৰিল ওদালগুৰি জিলাৰ মাজবাট এলেকা

এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সোমবাৰে উত্তপ্ত হৈ পৰিল ওদালগুৰি জিলাৰ মাজবাট এলেকা। ঘটনা আছিল শনিবাৰৰ সন্ধিয়াৰ। দেওবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশমৰ্মে তৎপৰতা দেখুৱাই ঘটনাৰে জড়িত আটাইকেইটা অভিযুক্তকে গ্ৰেপ্তাৰ কৰে মাজবাট আৰক্ষীয়ে। অভিযুক্ত ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত সোমবাৰে মাজবাটত স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ উদ্যোগত ৰূপায়িত হ’ল প্ৰতিবাদী কাৰ্যসূচী। কিন্তু এফালে সেই প্ৰতিবাদৰ মাজতে উত্তেজিত ৰাইজে আক্ৰমণ কৰি জ্বলাই দিয়ে ৫ অভিযুক্তৰ বাসগৃহ। সমগ্ৰ অঞ্চলটোত এতিয়াও বিৰাজ কৰিছে্ চেপা উত্তেজনাই। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ মাজবাটত মোতায়েন কৰা হৈছে ব্যাপক নিৰাপত্তাৰক্ষী।

মাজবাটত ১৪ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণ

সোমবাৰে মাজবাটত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ

ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ওলাই আহিল ৰাইজ

উত্তেজিত ৰাইজে জ্বলাই দিলে ধৃত অভিযুক্তৰ ঘৰ

১২ ঘন্টাত আৰক্ষীৰ জালত ঘটনাৰে জড়িত ৫ যুৱক

ভুক্তভোগীয়ে আৰক্ষী-ৰাইজক দিছে শিহৰণকাৰী বৰ্ণনা

সেই স্বীকাৰোক্তিৰে প্ৰতিফলন ঘটিল সোমবাৰে মাজবাটত। স্থানীয় ৰাইজে এটা এটাকৈ জ্বলাই দিলে অভিযুক্ত ধৰ্ষণকাৰীৰ ঘৰ। ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ওলাই আহিল স্থানীয় ৰাইজ, দল-সংগঠন। মাজবাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত জনতাৰ উত্তাল প্ৰতিবাদ। কিশোৰী ধৰ্ষণকাৰীক ফাঁচী দিয়ক।

শনিবাৰে সন্ধিয়া সংঘটিত হৈছিল সেই পৈশাচিক কাণ্ড। টিউশ্যনৰ পৰা এজন বন্ধুৰ সৈতে ঘৰলৈ উভতিছিল ৯ম মানৰ ছাত্ৰীগৰাকী। ঘৰলৈ উভতি যাওঁতে চাহ বাগানৰ মাজৰ এটা পথ বাছি লৈছিল দুয়ো। বাগানৰ মাজত কিছু সময়ৰ বাবে ৰৈছিল হেনো দুয়ো। তেতিয়াই ৫ পাশণ্ডই আগুৰি ধৰে দুই ছাত্ৰ-ছাত্ৰীক।

কিশোৰজনৰ চকুৰ সন্মুখতেই ভয়ানক যৌন নিৰ্যাতন চলোৱা হৈছিল ছাত্ৰীগৰাকীক

দলবদ্ধ ধৰ্ষণৰ দৃশ্যও বন্দী কৰিছিল মোবাইলত

মুখ খুলিলেই ভিডিঅ’ ভাইৰেল কৰাৰ দিয়া হৈছিল ভাবুকি

দুয়োকে হত্যাৰো ভাবুকি দিছিল ৫ অভিযুক্তই

শনিবাৰৰ সন্ধিয়াৰ এই শিহৰণকাৰী ঘটনাৰ পিছত দেওবাৰে দিনৰ ভাগতহে ৰাজহুৱা হৈ পৰে। দেওবাৰেই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশত তৎপৰতাৰে অভিযান আৰম্ভ কৰে মাজবাট আৰক্ষীয়ে। ১২ ঘন্টাৰ ভিতৰত বিভিন্ন স্থানৰ পৰা ঘটনাৰে জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰে মুস্তাক আহমেদ, মহিদুল ইছলাম, অফিজুল আলী, ছাদ্দাম আলী আৰু আছান আহমেদ।

সোমবাৰে মাজবাটত হোৱা প্ৰতিবাদৰ সময়তে উত্তেজিত হৈ পৰে মাজবাটৰ স্থানীয় লোক। আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত ব্যাপকসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ল। সোমবাৰে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছিল মাজবাট নগৰ। কিন্তু নিয়ন্ত্ৰণত নাথাকিল পৰিস্থিতি। উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰিলে অভিযুক্তদ্বয় হাফিজুল আলী আৰু মহিদুল ইছলামৰ বাসগৃহত। পিছত অগ্নিনিৰ্বাপক বাহিনী আহি নিৰ্বাপন কৰে জুই।

সোমবাৰে বিয়লিলৈ পৰিস্থিতি শাম কাটে যদিও অঞ্চলজুৰি এতিয়াও বিৰাজ কৰিছে চেপা উত্তেজনাই। আৰক্ষীৰ জালত পৰা ৫ অভিযুক্তৰ কঠোৰতম শাস্তি দাবী কৰিছে ৰাইজে। সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰাৰ দাবী জনাইছে মাজবাটৰ ৰাইজে।

Popular

More like this
Related

ISL চেম্পিয়ন সঞ্জীৱ গোৱেংকাৰ দল; সততে খঙাল ব্যক্তিৰূপে পৰিচিত গোৱেংকাৰ কেইবাটাও নজনা কথা

সঞ্জীৱ গোৱেংকা, ভাৰতৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি আৰু আৰ পি-সঞ্জীৱ...

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এইবাৰ ভৰলুমুখৰ কালীপুৰত ফুটিল...

২০২৬ৰ IPLৰ এখন মেচ ত্ৰিপুৰাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এক উৎসাহজনক খবৰ। ২০২৬ চনৰ ইণ্ডিয়ান...

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা-বৰষুণৰ আগজাননী

ম্লান পৰিব নেকি ৰঙালী বিহুৰ আনন্দ? ৰাজ্যৰ কেইবাখনো জিলাত...