নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি পত্নীক হত্যা কৰাৰ অভিযোগ। দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ ১নং খেৰেমীয়া গাঁৱৰ চাঞ্চল্যকৰ ঘটনাই উত্তেজনাই বিৰাজ কৰিছে। নিচাসক্ত স্বামী পুষ্প গগৈৰ হাতত প্ৰাণ গ’ল ৩ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ পুনম চুতীয়াৰ। ঘটনা অনুসৰি পুষ্প গগৈৰ সৈতে ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। বিবাহৰ পাছতে দুয়োৰে মাজত প্ৰায়ে হৈছিল কাজিয়া। পুষ্প‌ই সুৰাপান কৰি প্ৰায়ে পত্নী পুনমক মাৰধৰ কৰি আহিছিল। ইয়াৰ পিছতে পত্নী আৰু ৩ বছৰীয়া পুত্ৰক এৰি কৰ্ম সূত্ৰে দিল্লীলৈ গৈছিল পুষ্প‌ই । বৃহস্পতিবাৰে দিল্লীৰ পৰা অহাৰ পাছত পুনৰ কাজিয়াত লিপ্ত হৈ নিচাসক্ত পুষ্প‌ই হত্যা কৰিলে পত্নীক। পুষ্প‌ই হত্যা কৰি শুক্ৰবাৰে পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়লৈ লৈ যায় পত্নীক । কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। দুলীয়াজান আৰক্ষীয়ে পত্নী হত্যাৰ অভিযোগত স্বামী পুষ্প গগৈক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। শনিবাৰে পুনম চুতীয়াৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতে পুনমৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে মৃতদেহটো ১ নং খেৰেমীয়া গাঁৱৰ পুষ্প গগৈৰ ঘৰলৈ লৈ আহে । ক্ষোভিত ৰাইজে পুনমৰ মৃতদেহটো স্বামী পুষ্প গগৈৰ ঘৰৰ পাছফালে সৎকাৰ কৰাৰ লগতে একে সময়তে স্বামী গৃহৰ চোতালত পুনমৰ স্মৃতিত সমাধি নিৰ্মাণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...