তীব্ৰ বিতৰ্কৰ মাজতে সংসদত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

তীব্ৰ বিতৰ্কৰ মাজতে সংসদত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজালৈ চলিল শুনানি। আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক। দিনজোৰা বিতৰ্কৰ অন্তত নিশা ১২ বজাৰ পৰাও সংসদত আৰম্ভ হয় আলোচনা। সংসদত চলে বিধেয়কখনক লৈ ভোটদান। ভোটদানৰ অন্তত অৱশেষত গৃহীত হয় বিধেয়কখন। বিধেয়কখনৰ পক্ষত ২৮৮টা ভোট আৰু বিপক্ষে পৰে ২৩২টা ভোট। কেইবা ঘণ্টা ধৰি চলা বিতৰ্কৰ অন্তত সংসদৰ মজিয়াত গৃহীত হয় বিধেয়কখন। বিৰোধীৰ আপত্তিৰ মাজতে গৃহীত এই বিধেয়ক। বিধেয়কখনক অসংবিধানিক আখ্যা ৰাহুল গান্ধীৰ।

কিন্তু এই ৱাকফ বিধেয়কক লৈ ইমান বিতৰ্ক কিয়? বিৰোধী শিবিৰে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণ কি? প্ৰথম প্ৰশ্ন– কি এই ৱাকফ? ধৰ্ম প্ৰচাৰ বা সমাজৰ উন্নতিৰ বাবে ইছলামধৰ্মীসকলে যি সম্পত্তি দান কৰে সেয়াই ৱাকফ। ৱাকফ সম্পত্তি বিক্ৰী বা ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰিব। ইছলামধৰ্মীসকলৰ মতে ৱাকফ প্ৰকৃততে ঈশ্বৰৰ সম্পত্তি। কিয় গঠন কৰা হৈছিল ৱাকফ ব’ৰ্ড? ৱাকফ সম্পত্তিৰ সুৰক্ষাৰ বাবে ভাৰতত চুলতানী আমোলত গঠন কৰা হৈছিল ৱাকফ ব’ৰ্ড। ভাৰতত ১৯৫৪ চনত গৃহীত হয় ৱাকফ আইন। ১৯৯৫ চনত ইয়াৰ সংশোধনী ঘটাই ৱাকফ ব’ৰ্ডক প্ৰদান কৰা হয় সৰ্বোচ্চ ক্ষমতা। বৰ্তমান ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্ৰণত আছে ৮.৭ লাখ কোটি সম্পত্তি। দেশৰ বিভিন্ন ঠাইত ৯.৪ লাখ একৰ ভূমি বিস্তৃত হৈ আছে এই সম্পত্তি। সামগ্ৰিকভাৱে ৱাকফ সম্পত্তিৰ বৰ্তমান মূল্য প্ৰায় ১.২ লাখ কোটি টকা। ৰে’লৱে আৰু ভাৰতীয় সেনাৰ পিছতে সৰ্বাধিক সম্পত্তি আছে ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্ৰণত।

কি আছে ৱাকফ সংশোধনী বিধেয়কত? বিধেয়কৰ ৪০ নম্বৰ ধাৰা মতে ৱাকফ সম্পত্তিৰ কোনো চৰকাৰী পৰ্যালোচনা নহয়। পৰ্যালোচনা অবিহনে ব’ৰ্ডে সম্পত্তি দখল কৰিব পাৰে। কোনো সম্পত্তিক লৈ আইনী বিবাদ চলিলেও হস্তক্ষেপ কৰিব নোৱাৰে চৰকাৰে। সংশোধনীৰ জৰিয়তে চৰকাৰে এই ৱাকফ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। বিতৰ্কিত সম্পত্তিৰ মালিক কোন, তাৰো আইনগত অধিকাৰ নিজৰ নিয়ন্ত্ৰণলৈ নিব বিচাৰিছে চৰকাৰে। আৰু একাধিক ক্ষেত্ৰত ব’ৰ্ডৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে চৰকাৰে। নতুন সংশোধনীৰ জৰিয়তে ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্ৰণ কৰ্তন কৰা হ’ব । এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকিব জিলা উপায়ুক্ত বা সম মৰ্যাদাৰ বিষয়াৰ ওপৰত। ইয়াৰ উপৰি এটা কেন্দ্ৰীয় প’ৰ্টেলৰ জৰিয়তে ৱাকফ সম্পত্তিৰ নথিভূক্তকৰণৰ ব্যৱস্থা কৰা হ’ব। বিৰোধী ইণ্ডিয়া ব্লকে ইতিমধ্যে বিৰোধিতা কৰিছে এই ৱাকফ সংশোধনী বিধেয়কৰ। কংগ্ৰেছকে ধৰি বিৰোধীৰ দাবী– এয়া ধৰ্ম নিৰপেক্ষতাৰ ওপৰত আঘাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...