চাবুৱা আৰক্ষী তদন্তত শিহৰণকাৰী কাহিনী

পত্নী প্ৰহেলিকা বৰুৱাই ৰচনা কৰিছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ ব্লুপ্ৰিন্ট। আন এজন যুৱকৰ সৈতে থকা বিবাহ-বহিৰ্ভুত প্ৰেমৰ সম্পৰ্কক বাস্তৱ ৰূপ দিবলৈ গৈয়েই পত্নীয়ে হত্যা কৰাইছিল মাধুৰ্য বৰুৱাক। ৯ ছেপ্তেম্বৰৰ নিশা মাস্ক পৰিহিত চাৰিজন লোকে শোৱাপাটিতে নৃশংসভাৱে চোকা অস্ত্ৰৰে কাটি কাটি আৰু ধুমুছেৰে মৰিয়াই হত্যা কৰিছিল মাধুৰ্যক। শোৱাৰ পূৰ্বে মাধুৰ্য বৰুৱাৰ খোৱাবস্তুৰ সৈতে ৭ টাকৈ শ্লিপিং টেবলেট মিহলাই দিছিল প্ৰহেলিকাই। চাবুৱা আৰক্ষীৰ সন্মুখত এই কথা স্বীকাৰ কৰিছে পত্নী প্ৰহেলিকা আৰু তেওঁৰ ঘাতক প্ৰেমিকে। ঘটনা সন্দৰ্ভত নিহত মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱা, মায়ান্ত গগৈ আৰু ভাস্কৰ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তিনিওৰে গ্ৰেপ্তাৰৰ পিছত প্ৰহেলিকাৰ ফাঁচীৰ দাবীত চাবুৱাৰ ৰাইজৰ উত্তাল প্ৰতিবাদ।


চাবুৱাৰ জলসম্পদৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ নৃশংস হত্যা
পত্নী প্ৰহেলিকা বৰুৱাই ৰচনা কৰিছিল হত্যাৰ ব্লুপ্ৰিন্ট
পত্নীৰ নিৰ্দেশতে ৪ যুৱকে হত্যা কৰিছিল মাধুৰ্য বৰুৱাক
অভিযুক্ত মায়ান্ত গগৈৰ সৈতে আছিল প্ৰহেলিকাৰ প্ৰেম
মাধুৰ্যক ৭ টাকৈ শ্লিপিং টেবলেট খুৱাই দিছিল প্ৰহেলিকাই
আৰক্ষীৰ জালত প্ৰহেলিকাসহ ৩, ফাঁচীৰ দাবী ৰাইজৰ

পত্নী প্ৰহেলিকাই হত্যা কৰিছিল মাধুৰ্য বৰুৱাক
চাবুৱা আৰক্ষী তদন্তত শিহৰণকাৰী কাহিনী


পত্নীৰ সৈতে ফটোত হাঁহিমুখে প’জ দিয়া এইজনেই মাধুৰ্য বৰুৱা। চাবুৱাৰ জলসম্পদ বিভাগৰ কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা। চকুত চানগ্লাছ পিন্ধি এইগৰাকীয়ে মাধুৰ্যৰ পত্নী প্ৰহেলিকা বৰুৱা। সম্ভৱতঃ সংসাৰৰ ভাল দিনত কৰ’বাত ফুৰিবলৈ যোৱা মধুৰ স্মৃতি। এটি কন্যা সন্তানেৰে বাহ্যিক দৃষ্টিত এখন সুখৰ সংসাৰ।
ক’ত কেতিয়া কি হ’ল আন মানুহে নাজানে।
৯ ছেপ্তেম্বৰৰ নিশা নৃশংস হত্যাৰ বলি হ’ল মাধুৰ্য। হত্যাকাণ্ড ইমানেই নৃশংস আছিল মাধুৰ্যৰ মৃতেদহ চাব নোৱাৰা অৱস্থা। চোকা অস্ত্ৰৰে কাটি দেহৰ বিভিন্ন অংশত কাটি কাটি, ধুমুছেৰে মৰিয়াই মৰিয়াই ঘৰৰ শোৱাপাটিতে হত্যা কৰা হৈছিল মাধুৰ্য বৰুৱাক। জলসম্পদ বিভাগৰ বিগত ৩ দিনে চাবুৱাত তীব্ৰ চাঞ্চল্য।
১৩ ছেপ্তেম্বৰত পত্নী প্ৰহেলিকাৰ নাটকীয় ভাষ্য।
কেনেকৈ সংঘটিত হৈছিল শিহৰণকাৰী হত্যাকাণ্ড?

১৩ ছেপ্তেম্বৰৰ নিশাই প্ৰহেলিকাক জেৰা চাবুৱা আৰক্ষীৰ। জেৰাত প্ৰহেলিকাৰ বিস্ফেৰক স্বীকাৰোক্তি। ‘ময়েই হত্যা কৰিছোঁ স্বামী মাধুৰ্যক’। প্ৰহেলিকাৰ জেৰাত এটা এটাকৈ ফাদিল হোৱা শিহৰণকাৰী তথ্যই পোহৰলৈ আনিলে– বৈবাহিক সম্পৰ্ক, পৰকীয়া প্ৰেম, চলনা, বিশ্বাসঘাটকতা আৰু নৃশংস হত্যাৰ এক অবিশ্বাস্য কাহিনী। প্ৰহেলিকাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মায়ান্ত গগৈ আৰু ভাস্কৰ শইকীয়া নামৰ আন দুই যুৱককো গ্ৰেপ্তাৰ কৰে চাবুৱা আৰক্ষীয়ে। আৰক্ষীৰ আবেষ্টনীৰ মাজত নীলা ৰঙৰ ছাৰ্ট পৰিহিত এইজনেই মায়ান্ত গগৈ। মায়ান্ত গগৈৰ আন এখন ছবি এইখন।
মায়ান্ত গগৈৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল প্ৰহেলিকাৰ।
পৰকীয়া প্ৰেমক বাস্তৱ ৰূপ দিয়াৰ স্বাৰ্থতেই স্বামীক আঁতৰ কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল প্ৰহেলিকাই।
৯ ছেপ্তেম্বৰৰ নিশা খোৱা বস্তুৰ সৈতে ৭ টাকৈ শ্লিপিং টেবলেট মিহলাই দিছিল প্ৰহেলিকাই।
শোৱাপাটিত পৰিয়েই অজ্ঞান হৈ পৰিছিল মাধুৰ্য।
মাস্কপৰিহিত ৪ যুৱকে হত্যা কৰি থৈ গৈছিল মাধুৰ্য বৰুৱাক।
শুকুৰবাৰে নিশা আৰক্ষীৰ জেৰাত দিয়া এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰহেলিকাক। নিশাই অভিযান চলাই প্ৰহেলিকাৰ ঘাতক প্ৰেমিক মায়ান্ত গগৈ আৰু হত্যাকাণ্ডৰ সহয়োগী ভাস্কৰ শইকীয়াকো গ্ৰপ্তাৰ কৰা হয়। শনিবাৰে পুৱা এই সমগ্ৰ কাহিনী পোহৰলৈ অহাৰ পিছতে উত্তেজিত হৈ পৰে চাবুৱাৰ ৰাইজ। হত্যাকাৰী পত্নী প্ৰহেলিকাৰ কঠোৰ শাস্তিৰ দাবীত চাবুৱা থানা ঘেৰাও উত্তেজিত ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...