গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষ
দেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ গুলীবৰ্ষণ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে জম্মু–কাশ্মীৰত সক্ৰিয় হৈ উঠিছে পাক সমৰ্থিত সন্ত্ৰাসবাদী। গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা। প্ৰায় প্ৰতি দিনে চলিছে সন্ত্ৰাসবাদীৰ কাশ্মীৰত প্ৰৱেশৰ চেষ্টা। দেওবাৰে পুৱাই কাশ্মীৰৰ পুঞ্চৰ পাঠানীন এলেকাৰ এখন গাঁৱত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত লাগে সংঘৰ্ষ।

সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱা গাঁওখন নিশাই ঘেৰি পেলায় নিৰাপত্তাৰক্ষীয়ে
দেওবাৰে পুৱাৰ পৰা দয়ো পক্ষৰ মাজত লাগে সংঘৰ্ষ

গাঁওখনত তিনিটা সন্ত্ৰাসবাদীয়ে নিৰ্বাচনৰ পূৰ্বে কুটাঘাটৰ পৰিকল্পনা কৰি আত্মগোপন কৰি আছিল। এই খবৰ পোৱাৰ লগে লগে অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাৰক্ষীৰ অভিযানত গাঁওখনতে আৱদ্ধ হৈ পৰিছে ৩ সন্ত্ৰাসবাদী। এই অভিযানত জম্মু–কাশ্মীৰ আৰক্ষী আৰু সেনাৰ বৃহৎ দলে অংশ লৈছে। দেওবাৰে বিয়লি পৰ্যন্ত চলি আছে অভিযান। কোনো পক্ষৰ পৰা হতাহতৰ তথ্য প্ৰকাশ কৰা নাই।

শনিবাৰে বাৰমুল্লা, কিষ্টৱাৰত সেনাৰে সংঘৰ্ষত ৫ সন্ত্ৰাসবাদী নিহত
সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ২ সেনা জোৱানেও

এনে অৱস্থাত নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। অহা ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জম্মু–কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। সন্ত্ৰাসবাদীৰ কূটাঘাতৰ মাজতে শনিবাৰে জম্মুৰ ডোডাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু–কাশ্মীৰবাসীৰ মৰম আৰু আৰ্শীবাদক দুই–তিনিগুণ পৰিশ্ৰমেৰে পৰিশোধ কৰিব। জম্মু–কাশ্মীৰবাসীৰ সহযোগত এক সুৰক্ষিত আৰু সমৃদ্ধিশালী জম্মু–কাশ্মীৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...