সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ বাবে বুজাব নোৱাৰা পৰিস্থিতি সোণাপুৰত। এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে সোণাপুৰৰ বিভিন্ন প্ৰান্তত। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী। তহল দিছে আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে। তাৰ মাজতে তালি-টোপোলা বান্ধি পুৰণি ঘৰলৈ ঢাপলি মেলিছে কচুতলীৰ বেদখলকাৰীয়ে।

কচুতলীৰ উত্তেজনা সমগ্ৰ সোণাপুৰত বিয়পিছে…
উচ্ছেদ-হত্যাৰ পাছত বিৰাজ কৰিছে চেপা উত্তেজনা
সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?
অভিযোগ-প্ৰতিঅভিযোগ… সোণাপুৰত আচলতে কি হৈছে

ট্ৰাইবেল বেল্টৰ মাটি দৰং-মৰিগাঁৱৰ একাংশ লোকে বেদখল কৰিছে। সেয়ে চলিছে উচ্ছেদ। এই উচ্ছেদ বে-আইনী নহয়। উচ্ছেদ চলাব পাৰে চৰকাৰে। কিন্তু উচ্ছেদৰ এয়া কেনেকুৱা ৰূপ। ৰক্তপাত হল সোণাপুৰত। অভিযোগ জাননী নিদিয়াকৈ ঘৰ দুৱাৰ ভাঙি পেলালে প্ৰশাসনে। ভাঙি পেলোৱা ঘৰৰ পৰা উলিয়াই গোটাই থোৱা আচ-বাব, সা-সামগ্ৰীও পুনৰ ভাঙিলে বুলডোজাৰে। কচুতলীত কন্দা-কটা। আক্ৰমণ-প্ৰত্যাক্ৰমণ। ক্ৰমাত যেন চিঞৰ-বাখৰ কমিছে কচুতলীত। যিয়ে যেনেকৈ পাৰে পলায়ন কৰিছিল কচুতলীৰ পৰা। কাৰণ সোণাপুৰত এতিয়া গাড়ীয়ে গাড়ীয়ে নামিছে আৰক্ষী, চি আৰ পি এফ বাহিনী। চলিছে জোৰদাৰ তালাচী অভিযান। শুকুৰবাৰে সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। কচুতলীত আৰক্ষীৰ ওপৰত হোৱা
আক্ৰমণৰ ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ ডি জি পিৰ।

কাৰ প্ৰৰোচনাত কেনেকৈ হৈছিল আৰক্ষীৰ ওপৰত আক্ৰমণ সেয়া তদন্তৰ বিষয়। কিন্তু এই উচ্ছেদক লৈ উত্থাপন হৈছে প্ৰশ্ন। উঠিছে অভিযোগ। কোনো জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ তুলিছে একাংশই। ভাতৰ কাঁহি গুৰিয়াই একাংশক মাৰপিট কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। উচ্ছেদিত লোকসকলে পাইছে বিদ্যুত সংযোগ। আছে স্মাৰ্ট মিটাৰ। পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আছে আন চৰকাৰী আছে আধাৰ, ভোটাৰ কাৰ্ড। পাইছে ৰেচন। কেনেকৈ পালে?

ডিমৰীয়াৰ কোন দালালে ১০-১৫ বছৰ পূৰ্বে ধনৰ বিনিময়ত বসতিৰ সুযোগ দিছিল সেই লোকসকল তেতিয়া ৰাজহ চক্ৰ বিষয়া, প্ৰশাসনে কি কৰি আছিল? আজি বছৰ বছৰ ধৰি এইসকল লোকে খেতি-বাতি কৰি চলি আছে কচুতলীৰ এই অঞ্চলত। হঠাত হোৱা উচ্ছেদক লৈ হাহাকাৰ হাজাৰৰো অধিক লোকৰ। মুখ্যমন্ত্ৰীয়েও নিজেই কৈছে এইসকল লোক বিদেশী নহয়। লোকসকলৰো দাবী, খহনীয়াত সৰ্বস্বান্ত হৈ দৰং, মায়ং, লাহৰিঘাট, ছিপাঝাৰৰ পৰা উঠি আহি সোণাপুৰৰ কচুতলীত বসতি স্থাপন কৰিছিল এওঁলোকে। এতিয়া তেওঁলোকক উচ্ছেদ কৰা হৈছে। কাৰণ এয়া চৰকাৰী ভূমি।

২৪৮ বিঘা ভূমিত থকা ১৫১টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে
ট্ৰাইবেল বেল্টত বসবাস কৰি থকা অজনজাতীয় সকলো আঁতৰিব লাগিব

এই নিৰ্দেশনাৰে ৩ দিনৰ সময়সীমা ম্যাদী পট্টা থকা লোককো। আঁৰি দিয়া হৈছে জাননী। ইপিনে সোণাপুৰৰ কচুতলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা। সৰৱ হৈ আছে দল-সংগঠনো। ট্ৰাইবেল বেল্টৰ ভূমিৰ সুৰক্ষাৰ বাবে
একগোট হৈছে দল-সংগঠন।

উচ্ছেদৰ সমৰ্থন কৰি স্থানীয় লোক আৰু দল-সংগঠনক সকলোকে ঐক্যবদ্ধ কৰাৰ দায়িত্ব লৈছে আছুৰ পৰা গৈ বিজেপিত যোগদান কৰা দিব্যজ্যোতি মেধিয়ে। সোণাপুৰৰ তিনিখন গাঁও-কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰত দীৰ্ঘসময় ধৰি বেদখল কৰা হৈছে বুলি চৰকাৰী তথ্যতো প্ৰকাশ পাইছিল। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী পথাৰ, সোণাপুৰ পথাৰ আৰু গোমৰীয়া পথাৰ আদি অঞ্চলত থকা দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ চৰকাৰী আৰু ম্যাদী পট্টাৰ ভূমিত অজনজাতীয় লোকৰ দপদপনি। ট্ৰাইবেল সংঘৰ অভিযোগ অনুসৰি –

সোণাপুৰৰ বিভিন্ন অঞ্চলত ৫ হাজাৰতকৈ অধিক পৰিয়ালে কৰিছে বেদখল
২০০৬ চনৰ পৰাই সোণাপুৰত আৰম্ভ হৈছিল বেদখলকাৰীৰ প্ৰৱেশ
বেদখলকাৰীসকলক ‘নুৰ’ নামৰ এজন লোকে সংস্থাপিত কৰা বুলি চৰ্চা

কেনেকৈ হৈছিল বেদখল। কোনে কোনে ধনৰ বিনিময়ত সংস্থাপিত কৰিছিল বেদখলকাৰীক। আৰু কিমান আছে? সকলো তদন্ত কৰি ফাদিল কৰিব লাগিব। মুখ্যমন্ত্ৰীৰো ঘোষণা ট্ৰাইবেল বেল্টত অজনজাতীয় মানুহ থাকিব নোৱাৰিব।

এইবোৰৰ মাজতে সোণাপুৰৰ কচুতলীৰ বেদখলকাৰী ঘৰমুৱা হৈছে। সা-সামগ্ৰী লৈ ৰাওনা হৈছে পুৰণি ঘৰলৈ। উত্তপ্ত কচুতলী ক্ৰমাত শান্ত…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...