১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৬,৬৬২টা (AB/UB) কনিষ্টবল পদৰ PST/PET প্ৰক্ৰিয়া

৬৬৬২ (AB/UB)টা কনিষ্টবল পদৰ বাবে প্ৰক্ৰিয়া PST/PETঅহা ১ ছেপ্তেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ’ব। ১৫খন জিলাৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে ২০ আগষ্ট তাৰিখৰ পৰা প্ৰৱেশপত্ৰ ডাউনলোড কৰিব পাৰিব।

নিম্নলিখিত ১৫খন জিলাত ১ ছেপ্তেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিব পি.এছ.টি./পি.ই.টি –
১) বিশ্বনাথ, ২) চিৰাং, ৩) দৰং,৪) ধেমাজি, ৫) ধুবুৰী, ৬) হাইলাকান্দি,৭) হোজাই, ৮) যোৰহাট, ৯) মৰিগাঁও, ১০) কামৰূপ (মহানগৰ), ১১) কৰিমগঞ্জ, ১২) কাৰ্বি আংলং, ১৩) শিৱসাগৰ, ১৫) শোণিতপুৰ আৰু ১৬) ওদালগুৰি।

ওপৰোক্ত জিলাসমূহৰ প্ৰাৰ্থীসকলে ২০ আগষ্ট তাৰিখৰ পৰা পিএছটি/পিইটিৰ বাবে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, ইয়াৰ পূৰ্বে পিএছটি/পিইটিত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পুনৰ উপস্থিত হোৱাৰ প্ৰয়োজন নাই। ওপৰোক্ত জিলাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ অনুৰোধ কৰা হৈছে যিবোৰ SLPRBৰ ৱেবছাইট www.slprbassam.inউপলব্ধ হ’ব। এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হোৱা প্ৰাৰ্থীয়ে লগে লগে হেল্প লাইন নং-8826762317 বা ইমেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে helpdesk.admitcard@gmail.com। পিএছটি/পিইটি সম্পৰ্কীয় জাননী আৰু বাকী 15 খন জিলাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰা সম্পৰ্কে শীঘ্ৰেই প্ৰকাশ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...