খিলঞ্জীয়াৰ বিশ্বাস, সংস্কৃতি সংৰক্ষণৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধঃ মুখ্যমন্ত্রী

বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্র উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

কোকৰাঝাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

বাথৌয়ে হাজাৰ বছৰ ধৰি অসমৰ সাংস্কৃতিক, আধ্যাত্মিক পৰিৱেশ সমৃদ্ধ কৰি আহিছে: মুখ্যমন্ত্রী

সামাজিক খণ্ডৰ আঁচনিৰ অধীনত ১০০ শতাংশই হিতাধিকাৰীৰ নামভৰ্ত্তি সুনিশ্চিত কৰিব বিচৰা হৈছে: মুখ্যমন্ত্রী

আঁচনিসমূহত নামভৰ্ত্তিৰ বাবে স্থানীয় পঞ্জীয়নৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ যোগ্য হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ বাগানচালিত বড়োলেও টেৰিটৰিয়েল বিজন (বিটিআৰ) প্রশাসনৰ ৫ কোটি টকা পুঁজিৰে নিৰ্মাণ কৰা বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্রটো উদ্বোধন কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ হাক্ৰবাৰীত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্রা সমাৱেশতো অংশগ্রহণ কৰে।

বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে ১৯৯৪ চনত প্রতিষ্ঠা হোৱাৰে পৰাই বাগানচালিৰ বাথৌ মন্দিৰে কোকৰাঝাৰ অঞ্চলৰ আধ্যাত্মিক জীবনধাৰা শক্তিশালী কৰি আহিছে। বাথৌ পূজাক ৰাজ্যৰ থলুৱা বিশ্বাসৰ প্রাচীন রূপ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ই হাজাৰ হাজাৰ বছৰ ধৰি অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশক সমৃদ্ধ কৰি আহিছে। যজুর্বেদ, অথর্ববেদ, ৰামায়ণ, মহাভাৰত, কালিকাপুৰাণ, যোগিনীতন্ত্র আদিত কিৰাত লোকসকলৰ ধৰ্মীয় আচাৰণ নীতিৰ কথা উল্লেখ আছে বুলিও তেওঁ কয়। কিৰাত ফৈদৰ ৰজাসকলৰ ৰাজত্ব কালত ধর্মীয় আচৰ-নীতিসমূহে প্রভাব পেলাইছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বাথৌ ধর্মৰ দর্শনে ভগবান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰকে প্রতিফলিত কৰে বুলি তেওঁ কয়। বাথৌ পৰম ব্ৰহ্ম বীৰাই বাথৌত মাটি, বায়ু, পানী, আকাশ আৰু অগ্নি এই পঞ্চবোধৰ মাজত যিগৰাকী প্ৰভুৰ শক্তি নিহিত হৈ আছে সেইগৰাকীয়ে পৰমব্ৰহ্ম বুলিও তেওঁ কয়। তেওঁ কয় যে আকাশ দেৱতাক উদাৰতাৰ প্রতীক, সূর্য দেৱতাক সফলতাৰ প্রতীক, বতাহ দেৱতাক পৱিত্ৰ আৰু সততাৰ প্রতীক আৰু পানী দেৱতাক ঐক্য আৰু প্ৰগতিৰ প্রতীক হিচাপে গণ্য কৰা হয়।

মানুহে আধ্যাত্মিক চেতনাৰে কিদৰে আত্মসংযম আহৰণ কৰি মূল্যবোধৰ আধাৰত আগুৱাই যাব লাগে সেই কথা বাথৌ পূজাৰ দৰ্শনে দেখুৱাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বড়োসকলৰ মাজত যি ধর্মীয় জীৱনধাৰা প্ৰকাশিত হৈছে তাৰ জৰিয়তে জীৱ শ্রেষ্ঠ মানুহক পঞ্চজ্ঞানেন্দ্ৰিয়ৰ মাধ্যমেৰে কিদৰে আগুৱাই যাব লাগে সেই কথাও উপলব্ধি কৰাৰ সুযোগ প্রদান কৰিছে। তেওঁ কয় বাথৌ পূজাৰ সময়ত পৰিৱেশন কৰা খেৰাই নৃত্যৰ জৰিয়তে কেৱল সাংস্কৃতিক দিশে নহয়, মানুহৰ মানসিক প্রশস্তিৰ দিশটো প্রকট হয়। খেৰাই মানে ভগৱানৰ মহত্বৰ গুণানুকীৰ্তন কৰা নৃত্য বুলিও তেওঁ কয়। বথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্র নির্মাণৰ বাবে ৫ কোটি টকাৰ উদাৰ অনুদানৰ বাবে বিটিআৰ প্ৰশাসনক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে কয় যে নতুন গাঁথনিয়ে বথৌৰ বিশ্বাস সংৰক্ষণ আৰু প্ৰসাৰত যথেষ্ট অৰিহণা যোগাব। মুখ্যমন্ত্রীয়ে লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবে প্রতিশ্রুতিবদ্ধ আৰু এই লক্ষ্যৰ অংশ হিচাপে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয় স্থাপন কৰা হৈছে। কোকৰাঝাৰ চহৰৰ হাক্ৰবাৰীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্রাত জনসাধাৰণক সম্বোধন কবি মুখ্যমন্ত্রীয়ে কয় যে যোৱা নৱেম্বৰ মাহত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে বিকশিত ভাৰত সংকল্প যাত্রা ফ্লেগঅফ কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে এই যাত্ৰাৰ লক্ষ্য হ’ল অসমৰ প্ৰতিখন গাঁৱকে সামৰি লোৱা আৰু গাঁৱৰ ৰাইজৰ লগত বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে আলোচনা কৰি এই আঁচনিসমূহৰ পঞ্জীয়ন আৰু হিতাধিকাৰী ১০০ শতাংশলৈ লৈ যোৱা। মুখ্যমন্ত্রীয়ে কয় যে বন্ধন গেছৰ বজাৰ দৰতকৈ উজলা আঁচনিৰ হিতাধিকাৰীয়ে ২০০ টকা কমত লাভ কৰে। তেওঁ লগতে কয় যে চৰকাৰৰ ধ্বজাবাহী আঁচনি যেনে আয়ুষ্মান ভাৰত, উজলা যোজনা, সুৰক্ষা বীমা যোজনা, জীৱনজ্যোতি বীমা যোজনাকে ধৰি কেইবাখনো আঁচনিৰ জৰিয়তে জনসাধাৰণক অধিক উপকৃত কৰিব বিচৰা হৈছে। তেওঁ যোগ্য হিতাধিকাৰীসকলক আঁচনিসমূহত নাম অন্তর্ভুক্তিৰ বাবে স্থানীয় পঞ্জীয়ন প্রক্রিয়াৰ সর্বোত্তম ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই যাতে তেওঁলোকে নিৰ্দ্ধাৰিক সামাজিক খণ্ডৰ আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া নহয়।

আজিৰ এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...