ঘাইপথত গৰু, ছাগলী উঠিলে ভৰিব লাগিব জৰিমনা

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ বৈঠকখনত জিলাখনত চিনাক্ত দুৰ্ঘটনাৰ ব্লেক স্পটসমূহত ল’বলগীয়া সংশোধনীমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়৷ ঘাইপথৰ মাজেৰে গৰু, ছাগলী আদি পাৰ হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়টোত গুৰুত্ব দি জিলা আয়ুক্তই কয় যে গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লব লাগিব৷ তেওঁলোকে ঘাইপথলৈ অহা গৰু, ছাগলী ধৰি পাউণ্ডত ৰাখিব আৰু গৰাকীক জৰিমনা বিহিব৷ এইক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীক কয়৷ আনহাতে দুৰ্ঘটনাপ্ৰৱন এলেকাত ঘাইপথৰ নিচেই কাষত বা পথ বিভাজকৰ ওপৰত হ’ৰ্ডিং আদি লগোৱা বা নিৰ্মাণকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগাবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকৰ্তৃত্বশীলভাৱে মানুহ বা যান-বাহন অহা যোৱাৰ বাবে কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰিবলৈ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ আনহাতে নিৰ্মাণকাৰ্য চলি থকা স্থানৰ কাষেৰে মানুহ বা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত লোৱা সুৰক্ষাজনিত ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ আজিৰ বৈঠকখনত অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, উপ আৰক্ষী আয়ুক্ত (যান বাহন শাখা) জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী হিমাংশু কুমাৰ দাস প্ৰমুখ্যে, আবকাৰী, গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে বিগত সময়চোৱাত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...