অসমৰ মানুহৰ গাত লাগিল হিতাধিকাৰীৰ লেবেল

এতিয়া অসমৰ প্ৰায় সকলো মানুহেই হিতাধিকাৰী। শেহতীয়াকৈ শিল্পী, শিক্ষকসকলকো হিতাধিকাৰী সজালে অসম চৰকাৰে। ইয়াকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। একাংশ শিক্ষক, আছু, বিৰোধীয়ে চৰকাৰৰ এই কাৰ্যক গৰিহনা দিছে। একেসময়তে মন্ত্ৰী-বিধায়কৰ ন ন সংজ্ঞা হিতাধিকাৰীক লৈ।

অসমৰ মানুহৰ গাত লাগিল হিতাধিকাৰীৰ লেবেল
শিল্পী, শিক্ষক, চাকৰিয়াল সকলো হিতাধিকাৰী
মুখ্যমন্ত্ৰীয়ে সকলোকে হিতাধিকাৰী সজালে
শিক্ষামন্ত্ৰীৰো নতুন সংজ্ঞা
পিছে পিছে জয়ন্ত, দিগন্ত

মানৱ সম্পদ গঢ়ি দিম বুলি প্ৰতিশ্ৰুতি দিয়া আঁচনিপ্ৰিয় বিজেপি চৰকাৰে লাখেলাখে সৃষ্টি কৰিছে হিতাধিকাৰী। চাউল, চাইকেল, স্কুটী, ধন দি পুৰুষ-মহিলা, শিক্ষাৰ্থীক হিতাধিকাৰীৰ ৰূপ দিছে অসম চৰকাৰে। হিতাধিকাৰী গঢ়ি গঢ়ি টেটুগুৰিলৈকে অসম চৰকাৰৰ ধাৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে, দূৰণীবটীয়া শিক্ষকসকলকো চৰকাৰে প্ৰদান কৰিব একোখনকৈ স্কুটী। চৰকাৰী শিক্ষক। দৰমহা পায়। তেওঁলোকলৈ স্কুটী কিয়। ইয়াকে লৈ ৰাজ্যত আৰম্ভ হল প্ৰতিক্ৰিয়া।
চৰকাৰে শিক্ষককো হিতাধিকাৰী সজাব খুজিছে নেকি?
শিক্ষকসকল এনেও হিতাধিকাৰী

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে একাংশ শিক্ষকে। মই শিক্ষক, হিতাধিকাৰী নহওঁ। দৰমহাৰ বুজন অংক কৰ হিচাপে আগবঢ়োৱাৰ পাছতো হিতাধিকাৰী নাম কিয় লম বুলি প্ৰশ্ন কৰিলে বহুতে। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া।
এয়া গ্ৰহণযোগ্য নহয়
এনে মন্তব্যৰ পৰা চৰকাৰক বিৰত থাকিবলৈ সকীয়নি
এই বিতৰ্কৰ মাজতে হিতাধিকাৰীৰ সংজ্ঞা দি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। একাংশ লোকে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে অৰুণোদয়, ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী আৱাস, কৃষক নিধি, চাইকেল আৰু স্কুটি পোৱা শিক্ষাৰ্থী, বৃদ্ধ পেন্সন আদি পোৱাসকল যেন কিবা অনুগ্ৰহ প্ৰাৰ্থী, যাক হিতাধিকাৰী কোৱা হয়। কিন্তু ‘হিতাধিকাৰী’ শব্দটোলৈ মন কৰক- ইয়াত ‘অধিকাৰ’ শব্দটো অন্তৰ্নিহিত হৈ আছে। কল্যাণকামী চৰকাৰৰ হিত কামৰ অধিকাৰী সকলোকেই হিতাধিকাৰী বা ইংৰাজীত beneficiary বুলি কোৱা হয়। বেংক, বীমা আদিতো প্ৰাপ্য ধন পাবলগীয়া ব্যক্তিসকলক হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। দৰমহাৰ ধন পোৱা ব্যক্তিক বেংকৰ ভাষাত হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। তদুপৰি আমাৰ বিদ্যুৎ বিলসমূহ ৰাজসাহায্যযুক্ত হোৱা বাবে আমি সকলোৱেই বজাৰ মূল্যতকৈ কম মূল্যত বিদ্যুৎ বিল দি চৰকাৰী হিতৰ অধিকাৰী বা হিতাধিকাৰী। চৰকাৰী কৰ্মচাৰী হিচাপে ‘আপোন ঘৰ’ আঁচনি আদিৰ দৰে কল্যাণমূলক আঁচনিৰ হিত লাভ কৰিও আমি হিতাধিকাৰী। এয়া ৰণোজ পেগুৰ কথা। ৰণোজ পেগুৰ এই মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া। উপম শইকীয়াই লিখিলে শিক্ষা মন্ত্ৰী মহোদয় চাকৰি কোনো চৰকাৰী আঁচনিৰ অন্তৰ্গত নহয়। চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱা সকলহে হিতাধিকাৰী। এইবাৰ শিকাই দিলোঁ। ইয়াৰ পিছত আৰু ভুল নকৰিব। মুখ্যমন্ত্ৰীয়ে ভুল বাখ্যা দিলে বুলিয়েই আপুনিও তাত উজান দিলে। অশোক সিংহলে অসমীয়া শব্দৰ অৰ্থ নজনাতো স্বাভাৱিক। কিন্তু আপুনি? বৰ্তমান আপোনাৰ দৃষ্টিত শিক্ষক শব্দটো যেন এক অপমান তথা তাচ্ছিল্য সূচক শব্দ। কিমান? আৰু কিমান অপমান কৰিব শিক্ষক সমাজক? মুখ্যমন্ত্ৰীয়ে কিবা কলে। সেয়া যি নহওক। বাকী নেতা মন্ত্ৰী যেন ভাটৌ।

মুখ্যমন্ত্ৰীৰ হৈ ওকালতি কৰি জয়ন্ত মল্লই ক’লে-
এয়া কোনো হিতাধিকাৰী নহয়
এয়া চৰকাৰৰ মানৱতাবাদ
মুখ্যমন্ত্ৰীয়ে কাকো হিতাধিকাৰী বুলি পোনপটীয়াকৈ কোৱা নাই

প্ৰতিক্ৰিয়া দিগন্ত কলিতাৰ। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ অপব্যাখ্যা হৈছে।

প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ। শিক্ষক-কৰ্মচাৰীক হিতাধিকাৰী বুলি কোৱাটো দুৰ্ভাগ্যজনক।
মুখ্যমন্ত্ৰীয়ে অপ্ৰয়োজনীয় কথা কয়…
মুখ্যমন্ত্ৰীৰ হিতাধিকাৰী আখ্যাত প্ৰতিক্ৰিয়া প্ৰাথমিক শিক্ষক সন্মিলনীৰো। ৫ বছৰৰ বাবে তেওঁলোকে জনপ্ৰতিনিধি হিচাপে দায়িত্ব লাভ কৰে। সেই ৫ বছৰত তেওঁলোকে নিৰ্দিষ্ট কাম সম্পাদনা কৰে। সেইবুলি
মন্ত্ৰী-বিধায়কক আমি ঠিকাদাৰ বুলি ক’ম নেকি?
শিল্পীসকলকো হিতাধিকাৰী সজালে চৰকাৰে। শিক্ষকসকলকো দিলে হিতাধিকাৰী আখ্যা। একা কথাত সকলো চৰকাৰী শিক্ষক-কৰ্মচাৰীক হিতাধিকাৰী সজালে অসম চৰকাৰে। চৌদিশে প্ৰতিক্ৰিয়া। নতুন নতুন সংজ্ঞা। হবনো কি। ইয়াৰ পূৰ্বে জানো মুখ্যমন্ত্ৰীয়ে শিক্ষকক মাল বুলি কোৱা নাছিল! উপায় নাই। সকলো হিতাধিকাৰী এতিয়া।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...