অকাল মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে! Covid ভেকচিন দায়ী নেকি?

শেহতীয়াকৈ কেইবাজনো খ্যাতনামা ব্যক্তিৰ আকস্মিক মৃত্যুৰ পিছত এটা প্ৰশ্ন উত্থাপিত হৈছে। প্ৰশ্নটো হ’ল— মহামাৰীৰ পিছৰ সময়ত প্ৰাপ্তবয়স্কসকলৰ অকাল মৃত্যুৰ সৈতে ক’ভিড টিকাৰ কিবা সম্পৰ্ক আছে নেকি? সম্প্ৰতি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াইও এই প্ৰশ্নটো পুনৰ উত্থাপন কৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু এইমছৰ যৌথ প্ৰতিবেদনে স্পষ্ট কৰি দিছে যে, ক’ভিড টিকা গ্ৰহণৰ সৈতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ কোনো সম্পৰ্ক নাই।

বিগত এমাহত কৰ্ণাটকৰ হাছন জিলাত হৃদৰোগত আক্ৰান্ত হৈ অন্ততঃ ২০ জনৰ মৃত্যু হৈছে। এই বিষয়ে চিদ্দাৰামাইয়াই দাবী কৰিছিল যে, মহামাৰীৰ সময়ত ক’ভিড টিকা লোৱাৰ ক্ষেত্ৰত বৰ তাড়াটাড়ি কৰা হৈছিল। যুৱক-যুৱতীৰ অকাল মৃত্যুৰ সৈতে এই টিকাৰ সম্পৰ্ক থাকিব পাৰে। ইয়াৰ পিছতেই তেওঁ ক’ভিড টিকাৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণাৰ বাবে এটা সমিতি গঠনৰ কথা ঘোষণা কৰে। মহামাৰীৰ পিছৰে পৰা বিভিন্ন সময়ত সংবাদত প্ৰকাশ পাইছে যে, ক’ভিড টিকা লোৱা বহু লোক আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে, যাৰ ভিতৰত বহুতেই কমবয়সীয়া। ক’ভিড টিকাৰ কাৰণে তেওঁলোকৰ মৃত্যু হৈছে বুলি বিভিন্ন মহলত অভিযোগ উত্থাপিত হৈছে। গায়ক কে কে, অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু শেহতীয়াকৈ অভিনেত্ৰী শেফালী জৰিৱালাৰ মৃত্যুৰ ক্ষেত্ৰতো ক’ভিড টিকাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে বহুতে।

এই বিতৰ্কৰ মাজত বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে, আকস্মিক আৰু অকাল মৃত্যুৰ সৈতে ক’ভিড টিকাৰ সম্পৰ্কৰ দাবী সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ। এই দাবী বৈজ্ঞানিক গৱেষণাৰ সৈতেও সামঞ্জস্যপূৰ্ণ নহয়।

কেন্দ্ৰই জনাইছে যে, ১৮-৪৫ বছৰ বয়সৰ যিসকলৰ অকাল মৃত্যু হৈছে, তেওঁলোকৰ এনে পৰিস্থিতিৰ কাৰণ জানিবলৈ আইচিএমআৰ আৰু ‘নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল’ (এনচিডিচি)-এ গৱেষণা কৰিছে। ২০২৩ চনৰ মে’ৰ পৰা আগষ্টলৈ দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন হাস্পতালৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল। যিসকল শাৰীৰিকভাৱে সুস্থ আছিল কিন্তু ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চলৈ হঠাৎ মৃত্যুমুখত পৰিছিল, মূলতঃ তেওঁলোকৰ প্ৰতিবেদন পৰীক্ষা কৰি গৱেষণা চলোৱা হৈছিল। পিছত আইচিএমআৰ আৰু এইমছে একে বিষয়ত আন এটা গৱেষণা চলায়। দুয়োটা গৱেষণাৰ প্ৰতিবেদনত দেখা গৈছে যে, ক’ভিড টিকাৰ সৈতে প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই।

প্ৰতিবেদনত কোৱা হৈছে যে, মৃত্যুমুখত পৰা সকলৰ সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহ কৰা হৈছিল। তাত দেখা গৈছে যে টিকা লোৱা বা নোলোৱা, দুয়ো ধৰণৰ ৰোগীৰ মৃত্যুৰ কাৰণ হৈছে— দুৰ্বল হৃৎপিণ্ড, অনিয়মিত হৃৎস্পন্দন, ধমনীত তেজৰ সঞ্চালনৰ সমস্যাৰ বাবে হৃৎপিণ্ডলৈ পৰ্যাপ্ত তেজ নোযোৱা, হৃৎপিণ্ডৰ পেশীৰ দুৰ্বলতাৰ বাবে শৰীৰত তেজ সঞ্চালনৰ অক্ষমতা।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে, যিসকলৰ হৃৎপিণ্ডত এনে সমস্যা আছিল, তেওঁলোকৰ ক্ষেত্ৰত ধূমপান, অনিয়ন্ত্ৰিত মদ্যপান, বিশেষকৈ নিশা জাগি অত্যধিক মদ্যপান আকস্মিক মৃত্যুৰ কাৰণ হিচাপে চিহ্নিত হৈছে। তদুপৰি, যিসকলৰ হৃৎপিণ্ড দুৰ্বল, তেওঁলোকৰ ক্ষেত্ৰত অজ্ঞাতে অত্যধিক ব্যায়াম, নৃত্য, মানসিক উত্তেজনা হৃদৰোগৰ অন্যতম কাৰণ বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। পাৰিবাৰিকভাৱে হৃৎপিণ্ডৰ দুৰ্বলতা থকাসকলৰ ক্ষেত্ৰত ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত আকস্মিক মৃত্যুৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পাইছে। একেদৰে ধূমপান কৰা আৰু নিশা দেৰিলৈকে মদ্যপান কৰাসকলৰ আকস্মিক মৃত্যুৰ সম্ভাৱনা যথাক্ৰমে দুগুণ আৰু ছগুণ বৃদ্ধি পাইছে। দুৰ্বল হৃৎপিণ্ড থকাসকলৰ অত্যধিক পৰিশ্ৰমৰ ফলতো আকস্মিক মৃত্যুৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পাইছে।

গৱেষণাৰ সৈতে জড়িত এজন বিশেষজ্ঞই কৈছে, “প্ৰতিষেধকৰ সৈতে হৃদৰোগত আক্ৰান্ত হোৱাৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক পোৱা নাই।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...