অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

বৃহস্পতিবাৰে অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। দেশৰ ১৩খন ৰাজ্যৰ ৮৯খন আসনৰ বাবে অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰে বিভিন্ন দলৰ বহু ৰথী-মহাৰথীয়ে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কংগ্ৰেছ–বিজেপিৰ কেবাজনো হেভীৱেট প্ৰাৰ্থীয়ে বিশাল ৰেলী উলিয়াই শক্তি প্ৰদৰ্শনৰ চেষ্টা চলায়।

অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ পৰ্ব। বিশাল ৰেলীৰে মনোনয়ন দাখিল বহু হেভীৱেট প্ৰাৰ্থীৰ। ১৩ ৰাজ্যৰ ৮৯ আসনৰ বাবে ২৬ এপ্ৰিলত হ’ব ভোটগ্ৰহণ।

অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ বাবে দেশৰ ১৩খন ৰাজ্যৰ ৮৯ টা সমষ্টিত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰে বৃহস্পতিবাৰে। অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে অন্তিমদিনা মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ-বিজেপিকে ধৰি বিভিন্ন দলৰ বহু ৰথী-মহাৰথীয়ে।

কেৰালাৰ আলাপ্পুজা সমষ্টিত কংগ্ৰেছ নেতা কেচি বেনুগোপালৰ মনোনয়ন। তিৰুৱানন্তপুৰমত মনোনয়ন দাখিল কৰে বিজেপিৰ ৰাজীৱ চন্দ্ৰশেখৰে। ৰাজীৱ চন্দ্ৰশেখৰৰ প্ৰতিদ্বন্দ্বী হ’ব কংগ্ৰেছ নেতা শশী থাৰুৰ। উত্তৰপ্ৰদেশৰ মথুৰা সমষ্টিত মনোনয়ন দাখিল হেমা মালিনীৰ। মথুৰাক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে বিজেপিৰ প্ৰাৰ্থী হেমা মালিনীয়ে। কেৰালাৰ ৱাইনাড়ত বিশাল ৰেলী বিজেপি প্ৰাৰ্থী কে সুৰেন্দ্ৰনৰ। ৱাইনাড় সমষ্টিত কংগ্ৰেছৰ ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বী হ’ব কে সুৰেন্দ্ৰন। আনহাতে, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা JDSৰ নেতা এইচ ডি কুমাৰাস্বামীয়ে বৃহস্পতিবাৰে মাণ্ডিয়া লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। বিহাৰৰ পূৰ্ণিয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পাপু যাদৱে মটৰ চাইকেলেৰে আহি দাখিল কৰে মনোনয়ন পত্ৰ। কৰ্ণাটকৰ বেংগালুৰু দক্ষিণ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী তেজস্বী সূৰ্যই। বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰা বিভিন্ন দলৰ অধিকাংশ প্ৰাৰ্থীয়ে কেবাশ সমৰ্থকৰ সহযোগত মনোনয়ন দাখিলৰ পূৰ্বে উলিয়াই বিশাল ৰেলী। উল্লেখ্য যে এইবাৰ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অহা ৪ জুনত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...